মঙ্গলদৈ বাবে ভাল খবৰ বিধায়ক উন্নয়ন পূঁজিৰে এম্বুলেন্স আৰু স্বৰ্গৰথ বিতৰণ ৷

মঙলদৈ সমষ্টিৰ বিধায়ক বসন্ত দাসে বিধায়ক উন্নয়ন পূঁজিৰে বিতৰণ কৰিলে তিনিখন এম্বুলেন্স আৰু এখন স্বৰ্গৰথ ৷

দৰং জিলাত প্ৰয়োজনীয় এম্বুলেন্সৰ অভাৱ দুৰ কৰিবৰ কাৰণে মঙলদৈ সমষ্টিৰ বিধায়ক বসন্ত দাসে বিধায়ক উন্নয়ন পূঁজিৰে বিতৰণ কৰিলে তিনিখন এম্বুলেন্স আৰু এখন স্বৰ্গৰথ ৷

এই তিনিখন এম্বুলেন্স মঙলদৈ সমষ্টিৰ অন্তৰ্গত দুখন উপস্বাস্থ্যকেন্দ্ৰ ধুলা উপস্বাস্থ্যকেন্দ্ৰ আৰু জনাৰামচৌকা উপস্বাস্থ্যকেন্দ্ৰক একোখনকৈ আৰু এখন এম্বুলেন্স আৰু এখন স্বৰ্গৰথ মঙলদৈ অসামৰিক চিকিৎসালয়ত অৰ্পণ কৰে ৷

বিতৰণী সভাত জিলা উপায়ুক্ত প্ৰনৱ কুমাৰ শৰ্মা আৰু উপস্থিত থকা বিশিষ্ট ব্যক্তি সকলে বিধায়ক গৰাকীক ধন্যবাদ জনালে ৷