ধেমাজি যটৰকটীয়াৰ পৰা ২৫ বছৰীয়া বোৱাৰি নিৰুদ্দেশ, গাওঁৰে এজন যুৱকৰ লগত পলাই যোৱাৰ সন্দেহ, স্বামীৰ সদৰ থানাত এজাহাৰ দাখিল

ৰাজ্যত অব্যাহত আছে বোৱাৰী নিৰুদ্দেশৰ ঘটনা, এইবাৰ স্থান ধেমাজি যটৰকটীয়া, পৰকীয়া প্ৰেমৰ বাবেই ১২ বছৰীয়া সন্তানক এৰি পলাই যোৱা সন্দেহ পৰিয়ালৰ লোকৰ ।

খবৰ অনুসৰি যোৱা ২২ আগষ্ট তাৰিখে স্বামী গৃহৰ পৰা ঘৰলৈ বুলি গৈ ঘুৰি নাহিল ৰূপা সোনোৱাল । বহু ঘন্টা ধৰি কোনো খবৰ নোপোৱাত স্বামী নৱজ্যোতি সোনোৱালে সহুৰ পৰিয়ালত খবৰ কৰে যদিও কোনো খবৰ লাভ কৰিবলৈ সক্ষম নহয় । উপায়ন্ত হৈ স্বামী নৱজ্যোতি সোনোৱালে ধেমাজি সদৰ থানাত এখন এজাহাৰ দাখিল কৰিছে পত্নী নিৰুদ্দেশ হোৱাৰ।১২ বছৰীয়া এটি কণমানিক এৰি থৈ যোৱা এই ঘটনাৰ পিছতেই অঞ্চলজুৰি চাঞ্চল্যই বিৰাজ কৰা পৰিলক্ষিত হৈছে। আজি ৬ দিনে ক'ত আছে খবৰ নোপোৱাত মঙ্গলবাৰে স্বামী নৱজ্যোতি সোনোৱালে সংবাদ মাধ্যমৰ আগত পত্নীক ঘৰলৈ ঘোৰি আহিবলৈ আহ্বান জনাইছে।