ধেমাজি আমোলগুৰীত জিলা ক্ৰীড়া সন্থাৰ নিৰ্দেশ মৰ্মে বাটঘৰীয়া আঞ্চলিক ক্ৰীড়া সন্থা গঠন সম্পন্ন

ধেমাজি জিলাত ক্ৰীড়া সন্থাৰ তত্বাবধানত জিলাখনে ক্ৰীড়াৰ ক্ষেত্ৰত দিনক দিনে ভাল ফলাফল আনিবলৈ সক্ষম হোৱা পৰিলক্ষিত হৈছে।জীয়াধল অঞ্চলত ক্ৰীড়া দিশটো আৰু শক্তিশালী কৰিবলৈ ধেমাজি জিলা ক্ৰীড়া সন্থাৰ নির্দেশ মৰ্মে আমোলগুৰী ৰাজহুৱা ভৱনত বাটঘৰীয়া আঞ্চলিক ক্ৰীড়া সন্থা গঠন কৰা হয়।

  পশ্চিম ধেমাজি মহাবিদ্যালয়ৰ অধ্যক্ষ ললিত দিহিঙ্গীয়াক সভাপতি আৰু বিশিষ্ট ক্ৰীড়া অনুৰাগী প্ৰাণদ্বীপ ফৰমালক সাধাৰণ সম্পাদক হিচাপে লৈ এখনি শক্তিশালী সমিতি গঠন কৰা হয়। সভাত পৰ্যবেশক হিচাপে উপস্থিতি থাকে ধেমাজি জিলা ক্ৰীড়া সন্থাৰ এথেলটিক সম্পাদক মূল্যধৰ চাংমাই।