হিংৰিজানত তৃতীয় বাৰ্ষিক সাৰ্বজনীন দুৰ্গা পূজা আয়োজন, ভক্তপ্ৰাণ ৰাইজক আদৰিবলৈ সাজু উদযাপন সমিতি
চৰাইদেউ জিলাৰ মৰাণৰ সমীপৱৰ্তী হিংৰিজান চাহ বাগিচাত অহা ১,২,৩,৪ আৰু ৫ অক্টোৱৰ তাৰিখে পাঁচদিনীয়াকৈ তৃতীয় বাৰ্ষিক সাৰ্বজনীন দুৰ্গা পূজা আয়োজন কৰিছে । পূজাখন উদযাপনৰ বাবে ইতিমধ্যে স্থায়ী উদযাপন সমিতিৰ সভাপতি মিনু মুণ্ডা, কাৰ্যকৰী সভাপতি বিকাশ শৰ্মা আৰু মুখ্য সম্পাদক সঞ্জয় নাগে ভক্তপ্ৰাণ ৰাইজক আদৰিবলৈ ব্যাপক প্ৰস্তুতি চলাইছে । আনহাতে উদযাপন সমিতিয়ে জানিবলৈ দিয়া অনুসৰি, বিগত বৰ্ষৰ দৰে এইবাৰো স্থানীয় মৃন্ময় শিল্পী মানস প্ৰতীম বৰাৰ হাতেৰে নিৰ্মাণ কৰা প্ৰতিমা বেদীত স্থাপন কৰা হব । ইতিমধ্যে শিল্পীগৰাকীয়ে প্ৰতিমা নিৰ্মাণ কাৰ্যত দিনে নিশাই ব্যস্ত হৈ পৰিছে । অহা ১ অক্টোৱৰৰ সন্ধিয়া ৫ বজাত প্ৰতিমা স্থাপন কৰাৰ উদ্বোধনী অনুষ্ঠানৰ পিছতে পৰৱৰ্তী দিনসমূহত ভক্তপ্ৰাণ ৰাইজৰ বাবে পূজা-অৰ্চনা অব্যাহত থাকিব । ৫ অক্টোৱৰ তাৰিখে দিনৰ ভাগত প্ৰতিমা বিসৰ্জন দিয়াৰ পিছতে পূজা সমাপ্ত হব । আনহাতে একে স্থানতে তৃতীয় বাৰ্ষিক সাৰ্বজনীন দুৰ্গা পূজাৰ উদযাপন সমিতিয়ে ৯ অক্টোৱৰ তাৰিখে লক্ষী পূজা উদযাপন কৰা হব বুলি জানিবলৈ দিছে ।