অসমত জেহাদীৰ কাৰ্যকলাপ অসম আৰক্ষীৰ বাবে মূৰৰ কামোৰণি হৈ পৰিছে, ঠিক সেই সময়তে আৰক্ষীৰ অভিযানত উদ্ধাৰ হৈছে অবৈধ মাৰনাস্ত্ৰ৷

শোণিতপুৰ আৰক্ষীৰ অভিযানত পুৱতি নিশা জব্দ হৈছে দুটাকৈ পিষ্টল৷ কলাকুছিৰ বেলশিৰিত চলোৱা এক অভিযানত উদ্ধাৰ হৈছে এই অবৈধ মাৰনাস্ত্ৰ৷

পুৱতি নিশা শোণিতপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ মাধুৰীমা দাসৰ নেতৃত্বত চলিছিল অভিযান৷ কোনো লোকে নিৰ্দিষ্ট স্হানৰ পৰা পিষ্টল দুটা লৈ যোৱাৰ কথা আছিল আৰু এই সন্দৰ্ভত শোণিতপুৰ আৰক্ষীৰ হাতত আছিল আগতীয়া খবৰ৷

আগতীয়া খবৰৰ ভিত্তিত আৰক্ষীৰ দল নিৰ্দিষ্ট স্হানত পূৰ্বৰে পৰা ৰৈ আছিল৷ কিন্তু আৰক্ষীৰ উপস্হিতিৰ উমান পাই নিৰ্দিষ্ট স্হানলৈ নাহিল কোনো লোক৷

বেলিশিৰিৰ দৈমালু চেন্টাৰৰ সমীপৰ জংঘলত এটা বেগত ৭ জাঁই সজীৱ গুলিৰ স'তে লুকুৱাই ৰখা হৈছিল 9MM আৰু 7.6MM পিষ্টল দুটা৷

অৱশ্যে ঘটনাৰে কোন জড়িত সেয়া এই মুহুৰ্তলৈকে পোহৰলৈ অহা নাই যদিও ঘটনা সন্দৰ্ভত এটা গোচৰ আৰক্ষীয়ে নিজাববীয়াকৈ পঞ্জীয়ন কৰি ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে৷