নগাঁও সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মনোজ ৰাজবংশীৰ অভিযান উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ গাঞ্জা খিনি।

আটকাধীন গাঞ্জা ব্যৱসায়ীটোৰ নাম হাচান আলি।

জব্দ হোৱা গাঞ্জা খিনিৰ বজাৰ মূল্য ২০ লাখ টকা বুলি জানিব পৰা গৈছে।

আৰক্ষীৰ চকুত ধূলি দি ধৃত হাচান আলিয়ে দীৰ্ঘদিনৰ পৰা নগাঁও জিলাত চলাই গৈছিল গাঞ্জাৰ ব্যৱসায়।

প্ৰতি কেজি গাঞ্জা ৩০০০ ৰ পৰা ৫০০০ হাজাৰ টকাত বিক্ৰী কৰে বুলি জানিব দিয়ে ধৃত হাচান আলিয়ে।

অধিক তথ্যৰ বাবে আৰক্ষীয়ে হাচান আলিক আটক কৰি সোধা পোছা অব্যাহত ৰাখিছে।