সোণাৰিত 'সখী এক্সপ্ৰেছ'ৰ অধীনত স্কুটী বিতৰণ।

চৰাইদেউৰ সোণাৰিত "সখী এক্সপ্ৰেছ" আচঁনিৰ অধীনত ১৪৭গৰাকী স্কুটি বিতৰণ কাৰ্যসূচী অনুষ্ঠানৰ আয়োজন:

চৰাইদেউ জিলা অভিযান পৰিচালনা শাখা, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান "সখী এক্সপ্ৰেছ" ২০২১-২২ বিত্তীয় বৰ্ষৰ আঁচনিৰ সৈতে জড়িত সামূহিক কৰ্মীসকললৈ আনুষ্ঠানিক ভাৱে অসম চৰকাৰৰ মাননীয় ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহনে "সোণাৰি ৰাজহুৱা প্ৰেক্ষাগৃহ"ত স্কুটি প্ৰদান কৰা হয় । ২০২১-২২বিত্তীয় বৰ্ষৰ আঁচনিৰ সৈতে জড়িত সামূহিক কৰ্মীসকলৰ মাজত আনুষ্ঠানিক ভাৱে ১৪৭ খন স্কুটী বিতৰণ কৰে। এই স্কুটী সমূহ পশু সখী,বেংক সখী কৃষি সখী, মাষ্টাৰ বুক কীপাৰৰ মাজত আনুষ্ঠানিক ভাৱে স্কুটি প্ৰদান কৰে ।আজি কেইবাগৰাকী সখীসকলক স্কুটি প্ৰদান কৰি শুভাৰম্ভ কৰে । স্কুটি লাভ কৰি আনন্দিত হৈ পৰে সখীসকল। 

এই অনুষ্ঠানত উপস্থিত চৰাইদেউ জিলা উপায়ুক্ত পল বৰুৱা,জিলা খনৰ ৪টা উন্নয়ন খণ্ডৰ বি পি এম,সমুহ সখীসকলৰ লগতে কেইবা গৰাকী বিশিষ্ট ব্যক্তি তথা সখীসকল উপস্থিত থাকে।