সংবাদ মাধ্যমৰ প্ৰভাৱ, চুইট ছাৰৰ খবৰ লবলৈ আহিল হিউমেন ৱেলফেয়াৰ চ'ছাইটি।

সোণাৰিৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ছাফাজুল হুছেইনৰ দুৰ্বিসহ জীৱন সন্দৰ্ভত সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পাছতে আজি সোণাৰিস্থিত তেখেতৰ বাসগৃহত উপস্থিত হলহি নাজিৰাৰ এটা স্বেচ্ছাসেৱী সংগঠন। হিউমেন ৱেলফেয়াৰ চ'ছাইটি নামৰ স্বেচ্ছাসেৱী সংগঠনটো অৱসৰপ্ৰাপ্ত অধ্যক্ষগৰাকীৰ বাসগৃহত উপস্থিত হৈ তেখেতৰ স্বাস্থ্যৰ বুজ লয়। উল্লেখ্য যে ২০০৭ চনতে সোণাৰিৰ পদ্মকুমাৰী বৰুৱা বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰা লগতে পৰৱৰ্তী সময়ত তেখেতৰ পত্নীৰ মৃত্যুৰ পিছত ক্ৰমে মানসিক ভাৰসাম্য হেৰুৱাই পেলায়। ইফালে তেখেতৰ একমাত্ৰ কন্যা কৰ্মসূত্ৰে আমেৰিকাত থকাত নিজ গৃহতে এগৰাকী পৰিচাৰিকাৰ তত্বাৱধানত বন্দীত্বৰ জীৱন নিৰ্বাহ কৰা খবৰে সকলোকে আশ্বৰ্যম্বিত কৰি তুলিছিল। ইয়াৰ পাছতেই আজি নাজিৰাৰ স্বেচ্ছাসেৱী সংগঠনটো সোণাৰিত আহি উপস্থিত হয়হি।