জয়মালাক উভতাই আনিবলৈ আহ্বান

বিগত কেইবাদিনো ধৰি অসমৰ পৰা নিয়া জয়মালা নামৰ হাতীজনীৰ ওপৰত তামিলনাডুত মাউতে চলাই থকা বিভিন্ন অত‍্যাচাৰৰ ভিডিঅ আৰু ফটো সামাজিক মাধ্যমত প্ৰচাৰ  হোৱাৰ পিচতেই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ চৰাইদেউ জিলা সমিতিৰ সদস্য সকল জাঙুৰ খাই উঠিছে। পৰিষদৰ চৰাইদেউ জিলা সম্পাদক লংকেশ্বৰ গগৈয়ে প্ৰতিক্ৰিয়া প্ৰকাশ এই সম্পৰ্কে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আৰু অসম চৰকাৰ তথা তামিলনাডু চৰকাৰৰ লগত যুগা যুগ কৰি অসমৰ পৰা নিয়া গোটেই কেইটা হাতী উভতাই আনিবলৈ আহ্বান জনাই ।