শুক্ৰবাৰে পুৱাই তিনিচুকীয়াৰ লিম্বুগুৰি চাহ বাগিচাত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে অসম চাহ মজদুৰ সংঘৰ লিম্বুগুৰি শাখা সমিতিয়ে ।
চাহ বাগিচা সমূহৰ উপ-কৰ্মচাৰী সকলৰ দৰমহা বৃদ্ধিৰ লগতে চাহ শ্ৰমিকৰ ভ্ৰমণ বানচ বৃদ্ধিৰ দাবীৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে ।
প্ৰতিবাদী কাৰ্যসূচীটোত সংগঠনটোক চাহ বাগিচা খনৰ শতাধিক শ্ৰমিকে সহযোগিতা আগবঢ়াই ।