ব্ল'আউটৰ লগতে ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হোৱা তিনিচুকীয়াৰ বাঘজান তৈলখাদত ৩৫ হাজাৰ গছপুলি ৰোপণৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে দুলিয়াজান অইল ইণ্ডিয়া লিমিটেডে ।

ইতিমধ্যে ধ্বংস হৈ যোৱা বাঘজানৰ BGN-5  নামৰ তৈলখাদস্থলীত ৫৫ টা বিভিন্ন প্ৰজাতিৰ ৩৫ হাজাৰ গছপুলি ৰোপণৰ বাবে প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ড , অসমৰ সৈতে এক বিশেষ বুজা-বুজি চুক্তি কৰিছে অইল ইণ্ডিয়া লিমিটেডে ।

শুক্ৰবাৰে বাঘজান অঞ্চলৰ পৰিৱেশ পুনৰোদ্ধাৰৰ বাবে সুভাৰম্ভ কৰা গছপুলি ৰোপন কাৰ্য্যসূচীত প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ড , অসমৰ সদস্য সচিব ডঃ শান্তনু কুমাৰ দত্তৰ লগতে অইল ইণ্ডিয়া দুলিয়াজানৰ ভাৰপ্ৰাপ্ত মুখ্য আৱাসিক বিষয়া অতীন্দ্ৰ ৰয়চৌধুৰীয়ে উপস্থিত থাকি গছপুলি ৰোপন কৰে ।