২০০১ চনতেই প্ৰতিষ্ঠা হোৱা মাজুলীজনজাতি চিনিয়ৰ চেকেণ্ডাৰী বিদ্যালয় প্ৰাদেশিকৰণৰ দাবী ছাত্ৰছাত্ৰী আৰু শিক্ষকৰ ৷ 

৪২০ গৰাকী ছাত্ৰছাত্ৰীক আজি ২০ বছৰে শিক্ষা প্ৰদান কৰি আহিছে ১৮ গৰাকীকৈ শিক্ষকে ৷ 

মুখ্যমন্ত্ৰী- শিক্ষা মন্ত্ৰীলৈ বিদ্যালয় প্ৰদেশিকৰনৰ আহ্বান ৷

লক্ষিমপুৰ মাজুলীৰ সিমামুৰীয়া জম্বুদ চুকত থকা বিদ্যালয় খনলৈ লক্ষিমপুৰ জিলাৰ প্ৰায় ছখন গাঁৱৰ ছাত্ৰছাত্ৰী আহি অধ্যয়ন কৰাৰ লগতে এই ভিতৰুৱা অঞ্চলৰ প্ৰায় ১৫ খন গাঁৱৰ ছাত্ৰছাত্ৰীৰ এক মাত্ৰ ভৰষা এই বিদ্যালয় খন ৷