নাজিৰা সমষ্টিৰ চন্টক চাহ বাগিছাত আটছাৰ চন্টক উপ-শাখা, চন্টক প্ৰাথমিক গোট আৰু স্থানীয় ৰাইজৰ সহযোগত অঞ্চলটোৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীক অভিনন্দন জ্ঞাপন কৰে । 

   এই অনুষ্ঠানত উপস্থিত থাকে শিৱসাগৰ জিলাৰ আটছাৰ প্ৰাক্তন সভাপতি পংকজ হাজাম , নাজিৰা শাখা সমিতিৰ সাধাৰণ সম্পাদক ভূপেন ঘাটোৱাৰ , নাজিৰা শাখা সমিতিৰ সম্পাদিকা নমিতা গোৱালা , চন্টক উপ-শাখাৰ সভাপতি বিচু তাঁতি , সম্পাদক পাপু কুমাৰ, চৰাইদেউ উপ-শাখা সমিতিৰ সা.সম্পাদক গোবিন্দা পানতাঁতি ,সাংগঠনিক সম্পাদক লাচিত বাউৰী , বিহুবৰ পঞ্চায়তৰ সভানেত্ৰী মঞ্জু বৰা ।