ঘিলামৰাত বিদ্যালয় একত্ৰীকৰণকলৈ উত্তাল প্ৰতিবাদ

ৰাইজৰ কষ্ট, ত্যাগ আৰু ৰাইজৰ অনুদানেৰে গঢ়া বিদ্যালয়খনক বচোৱাৰ স্বাৰ্থত সকলো সচেতন মহল ওলাই আহি প্ৰতিবাদত বহিল৷কণ কণ ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যতকলৈ নিৰ্লজ হেতালি খেলা শিক্ষা বিভাগৰ এক দায়িত্বহীন পদক্ষেপৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে লখিমপুৰ জিলাৰ ঘিলামৰা শিক্ষা খণ্ডৰ অন্তৰ্গত চোমনি মেদক অঞ্চলৰ অভিভাৱক আৰু সচেতন ৰাইজ।আপোনৰ বিদ্যালয়খনক অন্য এখন বিদ্যালয়ৰ লগত একত্ৰিতকৰণ কৰাক লৈ ৰাইজে আজি প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখ্য যে বৃহত্তৰ চোমনি মেদক আৰু ভাটি মেদক গাঁৱৰ অভিভাৱক সকলে প্ৰতিবাদ সাব্যস্ত কৰি শিক্ষাৰ্থীৰে ভৰপূৰ হৈ থকা বিদ্যালয়খনক শিক্ষাৰ্থী নথকা এখন এম,ই,স্কুলত সংলগ্ন কৰাৰ বিৰোধীতা কৰে।বিদ্যালয়খনত প্ৰায় ৯০ গৰাকী ছাত্ৰ ছাত্ৰী থকা এই ১৯৯৩ চনতে প্ৰতিষ্ঠা হোৱা চোমনি মেদক প্ৰাথমিক বিদ্যালয়খনক পৰ্যাপ্ত আন্তঃগাঁঠনি উপলব্ধ হোৱা সত্বেও ন্যূনতম আন্তঃগাঁথনি আৰু কেইজনমান শিক্ষাৰ্থী থকা কলাবাৰী ইংৰাজী বিদ্যালয়ত সংলগ্ন কৰা শিক্ষা বিভাগৰ নিৰ্দেশ মানি নোলোৱাৰ ঐক্যবদ্ধ সকীয়নী দি ৰাজহুৱা প্ৰতিবাদ সাব্যস্ত কৰে ।বিদ্যালয়া প্ৰাংগণত অভিভাৱক ,পিতৃ গোট ,বিদ্যালয় পৰিচালনা সমিতি উপস্থিত হৈ বিভিন্ন শ্ল'গানৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। কণ কণ শিক্ষাৰ্থীসকলৰ শৈক্ষিক ভৱিষ্যতক লৈ হেতালি নেখেলিব, ছুমনি প্ৰাথমিক বিদ্যালয়ক পূৰ্বৰ স্থানতে থাকিবলৈ দিয়ক, কলাবাৰী ইংৰাজী বিদ্যালয়ত সংলগ্নকৰণ কৰা নিৰ্দেশ বাতিল কৰক, শিক্ষা মন্ত্ৰী মুখ্যমন্ত্ৰীয়ে এই বিষয়ত গুৰুত্ব দিয়ক আদি শ্লোগানেৰে বিদ্যালয় প্ৰাংগণ উত্তাল প্ৰতিবাদ কৰি তোলে।