ক্ষীৰোদ বৰুৱা সোঁৱৰণী আন্তঃজিলা চিনিয়ৰ ফুটবল (ল’ৰা) জি জন্ প্ৰতিযোগিতা
অসম ফুটবল সন্থাৰ অন্তৰ্গত ৭০ তম বাৰ্ষিক ক্ষীৰোদ বৰুৱা সোঁৱৰণী আন্তঃজিলা চিনিয়ৰ ফুটবল (ল’ৰা ) জি জন্ প্ৰতিযোগিতা খন আজি ১ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈছে গোৱালপাৰা জিলাৰ কৃষ্ণাইত ৷
গোৱালপাৰা জিলা ক্ৰীড়া সন্থাৰ সহযোগত আৰু কৃষ্ণাই আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈছে এই প্ৰতিযোগিতাখন ৷ হাব্ৰাঘাট মহাবিদ্যালয়, কৃষ্ণাইৰ খেল পথাৰত অনুষ্ঠিত এই প্ৰতিযোগিতাখন পৰিচালনাৰ বাবে বিধায়ক যাদৱ স্বৰ্গয়াৰীক সভাপতি, ফাজিল হকক কাৰ্যকৰী সভাপতি , আব্দুল হাই আহমেদ আৰু আব্দুল জলিলক সাধাৰণ সম্পাদক হিচাপে লৈ ইতিমধ্যে গঠন কৰা হৈছে আন্তঃজিলা চিনিয়ৰ ফুটবল প্ৰতিযোগিতা অভ্যৰ্থনা সমিতি । আজি আবেলি ৪ বজাত আৰম্ভ হয় প্ৰতিযোগিতাৰ উদ্বোধনী খেল। আজি উদ্বোধনী অনুষ্ঠানত অসম ফুটবল সন্থাৰ উপ-সভাপতি বলোৰাম ব্ৰহ্ম, অসম ফুটবল সন্থাৰ সহঃ সম্পাদক প্ৰদীপ কুমাৰ দে, বিজনী ক্ৰীড়া সন্থাৰ উপদেষ্টা বিমল বসুমতাৰী আৰু সম্পাদক নবীন গয়াৰী, দুধনৈৰ প্ৰাক্তন বিধায়ক দীপক কুমাৰ ৰাভা, হাব্ৰাঘাট মহাবিদ্যালয়,কৃষ্ণাইৰ
অধ্যক্ষ ড° মণ্টু কুমাৰ দাস, গোৱালপাৰা জিলা ক্ৰীড়া সন্থাৰ উপ-সভাপতি তাজমহল ৰাভাকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে । উদ্বোধনী খেলখন অনুষ্ঠিত হয় ধুবুৰী আৰু কোকৰাঝাৰ জিলা ফুটবল দল দুটাৰ মাজত ৷ অতি উত্তেজনাপূৰ্ণ খেলখনত কোকৰাঝাৰ দলে ধুবুৰী দলক ১১-২ গলৰ ব্যৱধানত পৰাজিত কৰে। বিৰুদ্ধে অৱতীৰ
অভ্যৰ্থনা সমিতিৰ সাধাৰণ সম্পাদক আব্দুল হাই আহমেদে জনোৱা অনুসৰি ক্ষীৰোদ বৰুৱা সোঁৱৰণী আন্তঃজিলা চিনিয়ৰ ফুটবল (ল’ৰা) জি জন্ প্ৰতিযোগিতা খনৰ সামৰণি কৰিব আগন্তুক ৭ ছেপ্টেম্বৰ তাৰিখে ৷