তামিলনাডুৰ এটা মন্দিৰত আবদ্ধ কৰি নিৰ্মম অত্যাচাৰ চলোৱা অসমৰ জয়মালা নামৰ হাতীজনীক উদ্ধাৰৰ বাবে বন মন্ত্ৰী সহ বন বিভাগৰ এটা দলৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ।

ইতিমধ্যে হাতীজনীক উদ্ধাৰৰ বাবে বন বিভাগৰ বিষয়াৰ লগতে আৰক্ষী বিষয়া আৰু পশু চিকিৎসক সহ  চাৰিজনীয়া এটা দল গঠন কৰি দিছে মুখ্যমন্ত্ৰী গৰাকীয়ে ।

শুক্ৰবাৰে তামিলনাডুলৈ গৈ হাতীজনীৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে তামিলনাডুৰ চৰকাৰৰ সৈতে আলোচনা কৰি হাতীজনীক অসমলৈ ঘূৰাই অনাৰ ব্যৱস্থা কৰিব দলটোৱে ।

অতিৰিক্ত প্ৰধান মুখ্য বন সংৰক্ষক  শ্ৰী হিৰ্দেশ মিশ্ৰ সহ অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ অধ্যাপক ডাঃ কুশল কুমাৰ শৰ্মা , মৰিগাঁৱৰ আৰক্ষী অধীক্ষক অৰ্পণা নটৰাজন আৰু তিনিচুকীয়াৰ জিলা পশু চিকিৎসা আৰু পশুপালন বিষয়া ডাঃ ৰূপজ্যোতি কাকতি তামিলনাডুলৈ গৈ জয়মালাক উদ্ধাৰৰ ব্যৱস্থা কৰিব ।