আজি তেজপুৰৰ মাতৃ আৰু শিশু চিকিৎসালয়ত আয়োজন কৰা এখন সভাত অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী, পৰ্যটন আদি বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই পঞ্চম ৰাষ্ট্ৰীয় পুষ্টি মাহৰ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে। 

আজি আয়োজন কৰা সভাত স্থানীয় বিধায়কসকল ক্ৰমে গণেশ লিম্বু, পৃথ্বীৰাজ ৰাভা, কৃষ্ণ কমল তাঁতী, উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ, বিশিষ্ট সমাজকৰ্মী বাটাশ ওৰাং, অতিৰিক্ত উপায়ুক্ত দ্যুতিভা বৰা, ভাৰপ্ৰাপ্ত সমাজ কল্যাণ বিষয়া কবিতা ফাংচো আৰু মহিলা আৰু শিশু কল্যাণ বিভাগ আৰু স্বাস্থ্য বিভাগৰ বিষয়াসকল উপস্থিত থাকে। 

আজিৰ এই অনুষ্ঠানত প্ৰদান কৰা ভাষণ প্ৰসঙ্গত মন্ত্ৰীগৰাকীয়ে জনসাধাৰণৰ মাজত পুষ্টিৰ প্ৰয়োজনীয়তাৰ বিষয়ে সজাগতা সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰে ৷ লগতে, শিশুসকলৰ পূৰ্ণ বিকাশ আৰু সুস্বাস্থ্যৰ বাবে প্ৰয়োজনীয় পৰিপুষ্টি নিশ্চিত কৰি আৰু সমাজত থকা পুষ্টিহীনতাৰ প্ৰত্যাহবান অতিক্ৰম কৰিবলৈ সকলো চৰকাৰী বিভাগক একত্ৰিত প্ৰচেষ্টাৰে আগবাঢ়ি যাবলৈ আহবান জনায় ৷ প্ৰতিটো শিশুৱেই ভৱিষ্যতৰ শক্তিশালী মানৱ সম্পদ বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ৰাষ্ট্ৰীয় পুষ্টি মাহ উপলক্ষে হাতত লোৱা বিভিন্ন কাৰ্যসূচীয়ে ৰাইজৰ মাজত পুষ্টিকৰ খাদ্য যোগানেৰে শিশু, কিশোৰী আৰু গৰ্ভৱতী মহিলাৰ সুস্বাস্থ্য সুনিশ্চিত কৰাৰ উপৰিও এক জন-আন্দোলনলৈ পৰিণত কৰাৰ দিশত কাম কৰি যাবলৈ সকলোকে আহ্বান জনায়।  

ইয়াৰ পূৰ্বে, মন্ত্ৰীগৰাকীয়ে চিকিৎসালয়খনত শাৰীৰিকভাৱে অক্ষম শিশুৰ বাবে এটা ১৩ খন‌ বিচনাযুক্ত ৱাৰ্ড মুকলি কৰে । 

ৰাতিপুৱা মন্ত্ৰী গৰাকীয়ে মহাভৈৰৱ মন্দিৰ পৰিদৰ্শন কৰাৰ উপৰিও অগ্নিগড় পহাৰৰ সমীপত অৱস্থিত স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ বাংলা, আগুৰি পাহাৰ আদি স্থান পৰিভ্ৰমণ কৰে। 

ইয়াৰ উপৰিও, অসম চৰকাৰৰ মন্ত্ৰী গৰাকীয়ে বিভাগীয় বিষয়া সকলৰ উপস্থিতিত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনত ৰূপায়ন কৰি থকা জল জীৱন মিছনৰ কামৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে জিলা দক্ষতা বিকাশ সমিতিৰ সদস্য আৰু পৰ্যটন বিভাগৰ লগত জড়িত হোটেলৰ মালিক, ট্যুৰ অপাৰেটৰ, আৰু আন অংশীদাৰসকলৰ লগতো মিলিত হৈ বিভাগীয় কাম-কাজৰ পৰ্যালোচনা কৰে ।