বঙাইগাঁও জিলাত ৰাষ্ট্ৰদ্ৰোহী কামত লিপ্ত থকা লোকৰ গ্ৰেপ্তাৰৰ পিছত জিলাখনৰ কিছু অংশত মৌলবাদী সংগঠনৰ কাৰ্যকলাপৰ ফলস্বৰূপে প্ৰচণ্ড বাদ-বিবাদৰ আশংকা কৰি জিলা দণ্ডাধীশ নবদ্বীপ পাঠকৰ এক নিৰ্দেশনামৰ্মে ভাৰতীয় ফৌজদাৰী আইনৰ ১৪৪ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে।

সাধাৰণ ৰাইজৰ শান্তি-শৃংখলা ভংগ হোৱাৰ আশংকা কৰিয়েই নিম্নলিখিত কামসমূহ নকৰিবলৈ জিলা দণ্ডাধীশ শ্ৰী পাঠকে ৰাইজৰ প্ৰতি আহ্বান জনাইছে। এই নিৰ্দেশনা অনুসৰি ৰাজহুৱা স্থানত ৫জন বা ততোধিক লোকে সমবেত হ'ব নোৱাৰিব।প্ৰশাসনৰ অনুমতি অবিহনে ৰাজহুৱা স্থানত কোনো লোকে সভা পাতিব নোৱাৰিব, শোভাযাত্ৰা, সমদল, ৰেলী আদি উলিয়াব নোৱাৰিব আৰু শ্লোগান দিব নোৱাৰিব।

কোনো সাধাৰণ লোকে আৰক্ষী,অৰ্ধসামৰিক বাহিনী,সামৰিক বাহিনী আদিৰ ইউনিফৰ্ম পিন্ধি ঘুৰি ফুৰিব নোৱাৰিব।আৰু যধে-মধে লাউড স্পীকাৰ ব্যৱহাৰ কৰিব নোৱাৰিব।

নিৰাপত্তা বাহিনী,আৰক্ষী বাহিনী আৰু কৰ্তব্যৰত চৰকাৰী বিষয়ববীয়াক এই নিষেধাজ্ঞাৰ পৰা ৰেহাই দিয়া হৈছে।এই নিষেধাজ্ঞা সমগ্ৰ বঙাইগাঁও জিলাতে তৎকালীনভাৱে বলবৎ হ'ব।

কোনো লোকে এই নিষেধাজ্ঞাৰ পৰা সকাহ বিচাৰিলে জিলা দণ্ডাধীশৰ ওচৰত আবেদন দাখিল কৰিব পাৰে।