সোমবাৰে নিশা ন-মান বজাত কৃষি বিভাগৰ পৰা তথ্য অনুসৰি উত্তৰ-পূৱ আৰু হিমালয় অঞ্চলৰ বাবে উদ্যান শস্য অভিযানৰ অধীনত উদ্যান শস্য আৰু খাদ্য সংসাধন সঞ্চালকালয়ে শিৱসাগৰ জিলা কৃষি বিভাগৰ সহযোগত আয়োজন কৰা জিলাখনৰ প্ৰগতিশীল কৃষকৰ ৬দিনীয়া উদ্যান শস্যৰ প্ৰশিক্ষণৰ কাৰ্য্যসূচী শুভাৰম্ভ কৰাহয়। উদ্যানশস্য আৰু খাদ্য সংসাধন সঞ্চালকৰ হৈ লুইত এডুকেশ্যন চাৰ্ভিচেচ প্ৰাইভেত লিমিটেডে আয়োজন কৰা প্ৰথম দিনৰ কাৰ্য্যসূচীৰ শুভ উদ্বোধন কৰে জিলা আয়ুক্ত আদিত্য বিক্ৰম যাদৱে।
শিৱসাগৰ জিলা কৃষি বিভাগৰ কাৰ্য্যালয়ত প্ৰগতিশীল কৃষকৰ উদ্যান শস্যৰ প্ৰশিক্ষণ কাৰ্য্যসূচী , উপস্থিত জিলা আয়ুক্ত আদিত্য বিক্ৰম যাদৱ।
