চিলাপথাৰৰ চিলাবালি-ভৈৰৱপুৰত নিশা সোপাধৰা আতংকময় পৰিস্থিতি, উত্তেজিত ৰাইজৰ গণপ্ৰহাৰত আহত এজন লোক উপস্থিতিত প্ৰাণৰক্ষা 

জোনাইত সোপাধৰাৰ সন্দেহত গণপ্ৰহাৰত এজন যুৱকক মৃত্যুৰ ঘটনাই চাঞ্চল্য সৃষ্টি কৰাৰ সময়তে কালি চিলাপথাৰতো সংঘটিত হ'ল অনুৰুপ ঘটনা।

 বিয়লি কালি ৰঙাপাৰা ফুলগুৰিত পৰেশ মণ্ডল (৩৬) নামৰ লোকজন ফুৰিবলৈ বুলি আহিছিল চিলাপথাৰ বোকাবিলৰ কৃষ্ণ মণ্ডল ঘৰলৈ। পিছে গন্তব্যস্থান পোৱাৰ পূৰ্বেই জীৰণিৰ পৰত চিলাবালি গাওঁত সেৱন কৰে সুৰা। ইয়াৰ পিছতে অপৰিচিত লোকজনক স্থানীয় ৰাইজৰ সন্দেহ উপজে। সোপাধৰাৰ সন্দেহত ইটো সুধি কৰে যদিও সুৰাৰ ৰাগীত সঠিক উত্তৰ দিব নোৱাৰাত অথন্তৰ লাগে। ইয়াৰ পিছতে একাংশই উত্তম মাধ্যম সোধায়। লোকজনক ধৰি ভৈৰৱপুৰ বজাৰলৈ লৈ যায়। 

 দৈৱক্ৰমে ঘটনাটো আৰক্ষীয়ে জানিব পাৰি ঘটনাস্থলীত উপস্থিত হৈ প্ৰাণ ৰক্ষা কৰি থানালৈ লৈ যায়।