সোণাৰি পৌৰসভাই এতিয়াৰ পৰা পথত থকা গৰুক পাউণ্ডত ৰখাৰ ব্যৱস্থা‌ কৰিছে। 

সোণাৰি পৌৰসভাই এতিয়াৰ পৰা পথত থকা গৰুক পাউণ্ডত ৰখাৰ ব্যৱস্থা‌ কৰিছে। নিৰ্দেশ নামানিলে ভৰিব লাগিব জৰিমনা।

কি কলে সোণাৰি পৌৰসভাৰ সভাপতিয়ে।

পথৰুৱা গৰুৰ বাবে হ'ব পৰা দুৰ্ঘটনা প্ৰতিৰোধৰ বাবে এতিয়াৰ পৰা সোণাৰি পৌৰসভায়ে বিহিব জৰিমনা।

পথত উদঙীয়া গৰুৰ বিচৰণৰ বিৰুদ্ধে সোণাৰি পৌৰসভাই পাউণ্ডত ৰাখাৰ ব্যৱস্থা গ্ৰহণ কৰিছে।গৰুৰ গৰাকীয়ে নিজৰ জিম্মাত গৰু নাৰাখিলে ভৰিব লাগিব জৰিমনা। চৰাইদেউ জিলাৰ অন্তৰ্গত ৰাষ্ট্রীয় ঘাইপথ, ৰাজ্যিক ঘাইপথ আৰু অন্যান্য বাট-পথ সমূহত গৰাকীবিহীনভাৱে অবাধে গৰু বিচৰণ কৰাৰ ফলশ্ৰুতিত হ'ব পৰা সম্ভাব্য দুৰ্ঘটনা ৰোধ কৰাৰ লক্ষ্যৰে তথা এই সমস্যাৰ ফলপ্ৰসূ সমাধানত চৰাইদেউ জিলা উপায়ুক্তৰ নিৰ্দেশ মৰ্মে এই সিদ্ধান্ত গ্ৰহণ কৰে সোণাৰি পৌৰসভাই। পথৰুৱা গৰু,মহ আদিৰ ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰিছে সোণাৰি পৌৰসভাই।