জয় আই অসম ধনিৰে মুখৰিত হল কাশ্মিৰৰ আকাশ বতাহ 

44 তম আন্তঃ ৰাষ্ট্ৰীয় আৰ্ম ৰেছলিং চেম্পিয়নশ্বিপৰ

জম্মু আৰু কাশ্মীৰ আৰ্ম ৰেছলিং এছ'চিয়েশ্যনৰ দ্বাৰা আয়োজিত প্ৰতিযোগিতাত অসমৰ গুৱাহাটীৰ নিলুফাৰ আহমেদে(20) 65 কেজি শ্ৰেণীত 

স্বৰ্ণ পদক অৰ্জন কৰি অসমলৈ গৌৰব কঢ়িয়াই আনিলে। উক্ত প্ৰতিযোগিতাত 

অসম মহিলা দলটো শ্ৰেষ্ঠ দল হিচাপে পৰিগণিত হয় ।

অসম আৰ্মৰেছলিং এছ'চিয়েচন সহযোগিতা তথা প্ৰশিক্ষক দেবজিৎ শৰ্মাৰ তত্বাৱধানত জম্মু কাশ্মিৰৰ গণ্ডেলবাল অঞ্চলত প্ৰতিযোগিতাখন 18 ৰ পৰা 22 আগষ্ট 2022 লৈ অনুষ্ঠিত হৈছিল। মহিলা পুৰুষ দুই শাখাত অসমৰ পৰা মুঠ অংশগ্ৰহণকাৰী আছিল 27/28 গৰাকী ।

নিলোফাৰ আহমেদ গুৱাহাটীৰ আমবাৰীৰ মুস্তাক আহমেদ আৰু চাফিয়া বেগমৰ কন্যা। নিলোফাৰে ইয়াৰ আগতে বক্সিং প্ৰতিযোগিতাত বিভিন্ন ঠাইত পদক লাভ কৰিছে। বৰ্তমান তেওঁ অসম ডাউনটাউন বিশ্ববিদ্যালয়ৰ পৰা বিচিএ (চিটিআইএছ) ডিএগ্ৰীৰ ছাত্ৰী।