গোলাঘাটত নৃশংস হত্যাকাণ্ড। প্ৰথমে হত্যা আৰু তাৰ পিছতেই চিনেমাৰ কাইদাৰে নিজৰ স্কুটিত উঠাই নি আধবাটত পেলাই থৈ যায় মৃতদেহ। গোলাঘাটৰ ১নং কৌৱানীত সংঘটিত হৈছে এই নৃশংস হত্যাকাণ্ড । কৌৱানী পাহাৰ লাইনৰ নিবাসী আৰবেল কেৰ্কেটা নামৰ এজনক লোকক মৰিয়াই মৰিয়াই অৱশেষত ডিঙি চেপি হত্যা কৰিলে নিজৰেই সতীৰ্থ গৌতম বিশ্বাস(বিকি) নামৰ লোকজনে । হত্যা কৰি নিজৰ স্কুটিত তুলি পেলাই থৈ যায় ডাকঘৰ চাৰি আলিৰ পৰা কৌৱানী সংযোগী পথত । স্থানীয় গাওঁৰক্ষী বাহিনীয়ে জানিব পাৰি বগীজান আৰক্ষীক খবৰ দিয়ে। ঘটনাস্থলীত বগীজান আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি প্ৰেৰণ কৰে মৰণোত্তৰ পৰীক্ষাৰ বাবে । টকা পইচাৰ লেনদেনৰ বাবেই এই হত্যাকাণ্ড সংঘটিত কৰাৰ সন্দেহ স্থানীয় লোকৰ । হত্যাকাৰী গৌতম বিশ্বাসক ইতিমধ্যে গ্ৰেপ্তাৰ কৰে বগীজান আৰক্ষীয়ে ।হত্যাকাণ্ডটোক লৈ সমগ্ৰ অঞ্চলটোত