টংলাত আক্ৰাছুৰ নৱনিৰ্বাচিত কেন্দ্ৰীয় নেতৃত্বক অভিনন্দন 

- আক্ৰাছুৰ ওদালগুৰি জিলা আৰু টংলা আঞ্চলিক সমিতিৰ যুটীয়া উদ্যোগত টংলাৰ চিলাৰায় ভৱনত নীলধৰ ডেকাৰ সঞ্চালনাত আজি অনুষ্ঠিত অভিনন্দন অনুষ্ঠানত অভিনন্দন গ্ৰহণ কৰি আক্ৰাছুৰ কেন্দ্ৰীয় সমিতিৰ নৱ নিৰ্বাচিত যুটীয়া সাধাৰণ সম্পাদক হেমন্ত বৰা কোচে এই দৰে কয় ৷ জনগোষ্ঠীটোৰ নায্য প্ৰাপ্তিৰ বাবে আন্দোলন চলাই অহা আক্ৰাছুৰ বহুধা বিভক্ত গোট একত্ৰীকৰণৰ বাবে কোকৰাঝাৰৰ ছেৰফাংগুৰিত ৩০ আগষ্টত অনুষ্ঠিত সাধাৰণ সভাই দ্বীপেন ৰায়ক সভাপতি, দিব্যজ্যোতি কুমাৰ ডেকাক কাৰ্যকৰী সভাপতি, হেমন্ত বৰা কোচ আৰু কেশৱ ৰায়ক যুটীয়া সাধাৰণ সম্পাদকৰূপে মনোনিত কৰি গঠন কৰা সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিত দায়িত্ব লাভ কৰা ওদালগুৰি জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ চাৰিগৰাকী নেতাক আজি অভিনন্দন জনোৱাৰ বাবে আয়োজন কৰা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ওদালগুৰি জিলা আক্ৰাছুৰ যুটীয়া সাধাৰণ সম্পাদক মুকুণ্ড ডেকাই ৷ আক্ৰাছুৰ জিলা সভাপতি মিন্টু বৰুৱাই আঁত ধৰা অভিনন্দন অনুষ্ঠানত ওদালগুৰি জিলা আক্ৰাছুক প্ৰতিনিধিত্ব কৰি

কেন্দ্ৰীয় সমিতিত স্থান লাভ কৰা ক্ৰমে  কাৰ্যকৰী সভাপতি দিব্যজ্যোতি কুমাৰ ডেকা, যুটীয়া সাধাৰণ সম্পাদক হেমন্ত বৰা কোচ, সহকাৰী সাধাৰণ সম্পাদক হেমন্ত ডেকা, সাংগঠনিক সম্পাদক ৰঞ্জিত ৰায়ক অভিনন্দন জনায় ৷ অৱশ্যে অনুষ্ঠানত কাৰ্যকৰী সভাপতি দিব্যজ্যোতি কুমাৰ ডেকা অনুপস্থিতিত থাকে ৷ ভেৰগাঁও জিলা কোচ ৰাজবংশী সন্মিলনীৰ উপদেষ্টা নীলধৰ ডেকা, উপ সভাপতি ধৰ্মকান্ত ডেকাৰ উপৰি আক্ৰাছুৰ জিলা আৰু টংলা আঞ্চলিক সমিতয়ে জাতীয় আংছাৰে অভিনন্দন জনায় ৷