ডিব্ৰুগড়ৰ ঘোঁৰামৰাত শিহৰণকাৰী ঘটনা। পাঁচ ঘণ্টাজোৰা শ্বাসৰুদ্ধকৰ পৰিস্থিতি। প্ৰায় ২২০ ফুট উচ্চতাৰ বি এছ এন এল মবাইল টাৱাৰত উঠিল কৃষ্ণকান্ত গগৈ নামৰ এজন যুৱক। পাৰিবাৰিক অশান্তিৰ চৰম পৰিণতি। জীৱনৰ শেষ সিদ্ধান্ত উদ্দেশ্যে উঠিল সুউচ্চ টাৱাৰটোত।
ঘটনাস্থলীত আৰক্ষী আৰু এছ ডি আৰ এফ বাহিনীৰ উপস্থিত। যুৱকজনক যিকোনো প্ৰকাৰে প্ৰাণ ৰক্ষা কৰিবলৈ সমবেত শ শ লোকৰ চিৎকাৰ। বিভিন্নজনৰ বুজনি তললৈ নামি আহা। আৰক্ষী - এছ ডি আৰ এফৰ অনুৰোধ। পতি-পত্নীৰ মাজত কাজিয়া, মাৰপিটতে ক্ষান্ত নাথাকি বিবাহ বিচ্ছেদৰ প্ৰস্তাৱ দিলে পত্নীয়ে। মাতৃগৃহলৈ গমণ পত্নীৰ। ইয়াৰ পাছতে হিতাহিত জ্ঞান হেৰুৱাই লোকজনে উঠিল মবাইল টাৱাৰত। কৃষ্ণকান্তই বন্ধু সহকৰ্মী কৰণ দত্ত ওৰফে বিজুৰ প্ৰেয়সীৰ সৈতে অবৈধ সম্পৰ্ক ৰক্ষা কৰি আহিছিল। মবাইলত কৰিছিল দুৰ্বাৰ প্ৰেমালাপ। এই কাৰ্য ধৰা পৰিছিল পত্নীৰ আগত। ফলত সৃষ্টি হৈছিল পাৰিবাৰিক অশান্তি।
পত্নী আৰু প্ৰেয়সীৰ নাম একেটাই। ভাগ্যশ্ৰী। ইফালে কৃষ্ণকান্তই বন্ধু বিজুয়ে তাৰ মবাইলৰ পৰা প্ৰায়ে প্ৰেয়সীলৈ কৰিছিল ফোন। পূৰ্বে অন্তৰংগ মুহুৰ্ত কৰি ৰখা ভিডিঅ'ৰে কৰিছিল ব্লেকমেইলিং। পত্নী আৰু প্ৰেয়সীৰ নাম একে হোৱাৰ বাবেই ভুলবশতঃ এদিনৰ বাবে মেছেজৰ আদান-প্ৰদান হৈছিল। তাকে লৈ হৈছিল কৃষ্ণকান্তৰ গৃহত তীব্ৰ মানসিক অশান্তিৰ সৃষ্টি হৈছিল। অৱশেষত স্থানীয় ৰাইজৰ বুজনিত সুউচ্চ টাৱাৰৰ পৰা নামি আহিল কৃষ্ণ। প্ৰায় ৫ ঘন্টাৰ পিছত অৱসান ঘটিল শ্বাসৰোদ্ধকৰ পৰিস্থিতি। এই ঘটনায়ে অঞ্চলটোত ৰহস্য সৃষ্টি কৰিছে।