শিৱসাগৰত মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে উদ্বোধন  কৰিলে কৃতজ্ঞতা পেঞ্চন সেৱা কেন্দ্ৰ।

জয়সাগৰস্থিত শিৱসাগৰ অসামৰিক চিকিৎসালয়ত পুষ্টি পুণৰসংস্থাপন কেন্দ্ৰ উদ্বোধন। আজি শিৱসাগৰ জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ত অসম চৰকাৰৰ শিক্ষা মন্ত্ৰী তথা শিৱসাগৰ জিলা অভিভাৱক মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কৃতজ্ঞতা পেঞ্চন সেৱা কেন্দ্ৰৰ শুভ উদ্বোধন কৰে। উক্ত অনুষ্ঠানত মন্ত্ৰী গৰাকীৰ উপৰিও অসম চৰকাৰৰ বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া, শিৱসাগৰ জিলাৰ উপায়ু্ক্ত মেঘ নিধি দাহাল, জিলা উন্নয়ণ আয়ুক্ত শোভন গোৱলা, বিদ্যালয় সমূহৰ পৰিদৰ্শক কমলজ্যোতি গগৈ, শিৱসাগৰ বানিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড০সৌমাৰজ্যোতি মহন্ত, সমাজ কৰ্মী সুৰভি ৰাজকুমাৰী, ময়ুৰ বৰগোঁহাইৰ লগতে জিলা প্ৰশাসনৰ বিভিন্ন বিভাগৰ বিভাগীয় মূৰব্বীসকল উপস্থিত থাকে । 

 ভাষণ প্ৰসঙ্গত মন্ত্ৰী পেগুৱে শিক্ষা বিভাগৰ চৰকাৰী কাৰ্যাৱলীকে আদি কৰি বিভিন্ন চৰকাৰী কাৰ্যৰ সমাপন প্ৰক্ৰিয়া ইতিমধ্যে অনলাইন যোগে হৈ থকাৰ কথা উল্লেখ কৰে। আৰু এই অনলাইন প্ৰক্ৰিয়াটোৱে বৰ্তমানৰ শিক্ষা ব্যৱস্থাটো আগুৱাই যোৱাত প্ৰভুতভাৱে সহায় কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে । ঠিক তেনেদৰে জিলা উপায়ুক্ত দাহালে আজি উদ্বোধন কৰা কৃতজ্ঞতা পেঞ্চন সেৱা কেন্দ্ৰটোৱে অনাগত দিনত পেঞ্চনাৰ সকলক সহজভাৱে তেওঁলোকৰ পেঞ্চন লাভ কৰাত সহায় কৰিব বুলি মন্তব্য কৰে। 

  উল্লেখযোগ্য যে অসম চৰকাৰৰ সকলো কৰ্মচাৰীৰ বাবে “কৃতজ্ঞতা”ৰ সুবিধা প্ৰদান কৰা হৈছে । পেঞ্চনাৰৰ বাবে “কৃতজ্ঞতা”ৰ ওৱান ষ্টপ ডিজিটেল সুবিধা সমূহ হৈছে - সকলো অংশীদাৰৰ বাবে এচ.এম.এচ এলাৰ্ট পঠোৱা হয় আৰু কোষাগাৰ প্ৰণালীৰ সৈতে একত্ৰিকৰণ কৰা হৈছে। 

 ইয়াৰ পিছতেই মন্ত্ৰী গৰাকীয়ে শিৱসাগৰ অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ জিলা উপায়ুক্ত আৰু স্বাস্থ্য বিভাগৰ বিষয়া-কৰ্মচাৰী সকলৰ উপস্থিতিত পুষ্টি পুণৰ সংস্থাপন কেন্দ্ৰ উদ্বোধন কৰে।