বৃহস্পতিবাৰে পুৱাই তিনিচুকীয়া চহৰখন পৰিষ্কাৰ কৰি ৰখাৰ উদেশ্যেৰে চহৰখনৰ বিভিন্ন ব্যৱসায়ীৰে বাৰ্তালাপ কৰে তিনিচুকীয়া পৌৰসভাৰ  পৌৰপতি জয়ন্ত বৰুৱাই ।

তিনিচুকীয়া চহৰৰ বিভিন্ন ব্যৱসায় সন্থাৰ বিষয়ববীয়াৰ লগতে বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানলৈ গৈ ব্যৱসায়ী সকলক স্বচ্ছ ভাৰত মিচনৰ প্ৰতি সজাগ কৰাৰ লগতে চহৰখন পৰিষ্কাৰ কৰি ৰাখিবৰ বাবে সকলো ব্যৱসায়িক প্ৰতিষ্ঠানকে সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাই পৌৰপতি জয়ন্ত বৰুৱাই ।