ডিব্ৰুগড়ঃ উজনি অসমৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক হিচাপে নিযুক্তি লাভ কৰিছে ড০ পৰমানন্দ সোনোৱালে। বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা কাৰ্যবাহী পৰিষদৰ বৈঠকত ড০ সোনোৱালক পঞ্জীয়ক হিচাপে নিৰ্বাচন কৰা হয়। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নৱনিযুক্ত উপাচাৰ্য ড০ জিতেন হাজৰিকাৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা বিশ্ববিদ্যালয়ৰ কাৰ্যবাহী পৰিষদৰ বৈঠকত সৰ্বসন্মতিক্ৰমেঃ ড০ সোনোৱালক ভাৰপ্ৰাপ্ত পঞ্জীয়ক হিচাপে নিৰ্বাচন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

ড০ পৰমানন্দ সোনোৱালে ১৯৯৯ চনত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰাৰ পিছত ২০০০ চনত শিৱসাগৰ মহাবিদ্যালয়ত সহকাৰী অধ্যাপক হিচাপে চাকৰিত যোগদান কৰে। ইয়াৰ পিছতে ২০১২ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত উপ-পঞ্জীয়ক হিচাপে যোগদান কৰা ড০ সোনোৱালক ২০১৮ চনত বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক যুটীয়া পঞ্জীয়কলৈ পদোন্নতি প্ৰদান কৰে। ড০ সোনোৱালক ভাৰপ্ৰাপ্ত পঞ্জীয়ক হিচাপে নিযুক্তি দিয়াৰ পুৰ্বে ভাৰপ্ৰাপ্ত পঞ্জীয়ক হিচাপে বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰক ড০ প্ৰশান্ত কাকতিয়ে দায়িত্ব গ্ৰহণ কৰি আছিল।

কিন্তু পঞ্জীয়ক হিচাপে দায়িত্ব গ্ৰহণৰ মাজতে ড০ জিতেন হাজৰিকাক উপাচাৰ্য পদত নিযুক্তি প্ৰদান কৰাৰ ফলত পঞ্জীয়কৰ আসনখন খালী হৈ আছিল। যাৰ পৰিপ্ৰেক্ষিতত বুধবাৰে অনুষ্ঠিত হোৱা বিশ্ববিদ্যালয়ৰ কাৰ্যবাহী পৰিষদৰ সভাই ড০ পৰমানন্দ সোনোৱালক ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত হিচাপে নিযুক্তি প্ৰদান কৰে। এই খবৰে স্বাভাৱিকতে বিশ্ববিদ্যালয়ৰ শৈক্ষিক মহলত আনন্দৰ জোৱাৰ উঠাছে।