নেশ্যনেল ক্রাইম ৰেকৰ্ড ব্যুৰই (NCRB) প্ৰকাশ কৰা তথ্যমতে, ২০২০ আৰু ২১ চনত পঞ্জীয়ন হোৱা বলাৎকাৰৰ গোচৰৰ শীৰ্ষ পাঁচখন ৰাজ্যৰ ভিতৰত অসমো আছে। অসমত ২০২০ চনত ১,৬৫৭ টা বলাৎকাৰৰ গোচৰ পঞ্জীয়ন হৈছিল আৰু ২০২১ চনত হৈছিল ১,৭৩৩টা।

দেশৰ ভিতৰতে আটাইতকৈ বেছি বলাৎকাৰৰ গোচৰৰ সংখ্যা বেছি ৰাজস্থানত। ৰাজস্থানত ২০২০ চন আৰু ২০২১ চনত বলাৎকাৰৰ গোচৰৰ সংখ্যা ক্ৰমে ৫,৩১০ আৰু ৬,৩৩৭ টা। দ্বিতীয় স্থানত আছে মধ্যপ্রদেশ। ৰাজ্যখনত ২০২০ চনত ২,৩৩৯টা আৰু ২০২১ চনত বলাৎকাৰৰ গোচৰ ২,৯৪৭টা।

এন চি আৰ বিৰ মতে বলাৎকাৰ গোচৰৰ শীৰ্ষ পাঁচখন ৰাজ্য হৈছে ক্ৰমে ৰাজস্থান, মধ্যপ্রদেশ, মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ আৰু অসম। মহাৰাষ্ট্ৰত ২০২০ চনত ২,০৬১ আৰু ২০২১ চনত ২,৪৯৬টা বলাৎকাৰৰ গোচৰ আছিল।

আনহাতে উত্তৰ প্ৰদেশত ২০২০ চন আৰু ২০২১ চনত বলাৎকাৰৰ গোচৰৰ সংখ্যা আছিল ক্ৰমে ২,৭৬৯টা আৰু ২,৮৪৫টা।