প্ৰতিবেদক, পশ্চিম যোৰহাটঃ- সাহপুৰীয়া গাঁৱত ১৯৮০ চনৰ ১৩ ফেব্ৰুৱাৰীত জ্ঞানোদয় নামেৰে প্ৰতিষ্ঠিত আৰু ১৯৮৫ চনত সাহপুৰীয়া নৱৰূপ কলাকৃষ্টি কেন্দ্ৰ নামকৰণ কৰা অনুষ্ঠানটোৰ ৰঙ্গমঞ্চ ৰাইজ দান-বৰঙনি, চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোণ্বয়ন বিভাগৰ পৰা আৱণ্টিত ডেৰ লাখ টকাৰে নিৰ্মাণ কৰা হয় যদিও প্ৰেক্ষাগৃহ নিৰ্মাণ কৰা হোৱা নাছিল। উক্ত প্ৰেক্ষাগৃহটো নিৰ্মাণ কৰিবলৈ ৪৫ নং পশ্চিম সৰুচৰাই গাঁও পঞ্চায়তে ২০২০-২১ বৰ্ষত ৪ লাখ ৮০ হেজাৰ টকা আৱণ্টন দিছে। তাৰে আধাৰশিলা ৩১ আগষ্টত যোৰহাট জিলা পৰিষদৰ সৰুচৰাইৰ সদস্য মঞ্জু দত্ত, ৪৫ নং পশ্চিম সৰুচৰাই গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য জ্যোতি বৰা, ৪ নং গোট সদস্য ববী শইকীয়াৰ উপস্থিতিত পঞ্চায়তখনৰ সভাপতি প্ৰশান্ত বৰাই উন্মোচন কৰে। অনুষ্ঠানত উপস্থিত থাকি তিতাবৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক ভাজপা-ৰ যোৰহাট জিলাৰ সভাপতি হেমন্ত কলিতাই বৰ্তমানৰ কেন্দ্ৰীয়, ৰাজ্য চৰকাৰে সমাজৰ উন্নয়নৰ বাবে কৰা কাম-কাজৰ উল্লেখ কৰি আজিৰ কাৰ্যসূচীও ইয়াৰে এক অংশ বুলি কয়। বিজেপিৰ চিত্তৰঞ্জন দাস, প্ৰজীপ দত্ত, কমল গগৈ, পঞ্চায়তৰ গোট সদস্য দীপা কলিতা, সুশীল বৰুৱা, সাহপুৰীয়া নৱৰূপ কলাকৃষ্টি কেন্দ্ৰৰ প্ৰতিষ্ঠা কালৰ ব্যক্তিসকলৰ লগতে স্থানীয় ভালেসংখ্যক লোক উপস্থিত থাকে। নৱৰূপৰ প্ৰতিষ্ঠাপক সম্পাদক ৰমেন শইকীয়াই আঁত ধৰা অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে প্ৰতিষ্ঠাপক সভাপতি জগত শইকীয়াই আৰু নাৰিকল ভাঙে প্ৰাক্তন বিধায়ক হেমন্ত কলিতাই।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Rahul Arora's Multibagger Stock Picks: February Series की Volatility के बाद अब कहां जाएगा बाजार?
Rahul Arora's Multibagger Stock Picks: February Series की Volatility के बाद अब कहां जाएगा बाजार?
પિત્તાશય અને તેનો સૌથી કોમન રોગ પિત્તાશયની પથરી
પિત્તાશય અને તેનો સૌથી કોમન રોગ પિત્તાશયની પથરી પીત્તાશય એ એક થેલી જેવું અવયવ છે જે લિવરની જોડે...
આખરે ગુજરાત વિદ્યાપીઠમાં ભગવો લહેરાયો - Prashant Dayal
આખરે ગુજરાત વિદ્યાપીઠમાં ભગવો લહેરાયો - Prashant Dayal
વિદ્યાર્થીઓને ચોપડાનું વિતરણ કરાયું .....
વિદ્યાર્થીઓને ચોપડાનું વિતરણ કરાયું .....