সংবাদদাতা, টংলাঃ ওদালগুৰি জিলাৰ শিক্ষা নগৰী টংলাৰ পশ্চিম টংলা প্ৰাথমিক বিদ্যালয়ত সদ্য অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক বেলিৰাম বৰুৱাক আজি বিদ্যালয় পৰিচালনা সমিতি ছাত্ৰ-ছাত্ৰী, গুণমুগ্ধই আনুষ্ঠানিকভাৱে বিদায় সম্বৰ্ধনা জনায়। বিদ্যালয় পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি বিজয় কৃষ্ণ বেজবৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত বিদায় সম্বৰ্ধনা সভাত অৱসৰ প্ৰাপ্ত কৃতী শিক্ষক নবীন বেজবৰুৱা, প্ৰাক্তন চি আৰ চি কামেশ্বৰ বড়ো, অৱসৰী শিক্ষয়িত্ৰী পাৰুল তালুকদাৰ, গুণলতা দেৱী মেধি, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি গণেশ ৰাভা, শিক্ষক হৰি প্ৰসাদ বেজবৰুৱা, পশ্চিম টংলা প্ৰাথমিক বিদ্যালয়ৰ নৱ নিযুক্ত প্ৰধান শিক্ষয়িত্ৰী সুলোচনা ডেকা, সহ শিক্ষয়িত্ৰী সবিতা ৰাণী মহলীয়া, চুমন্তি বড়ো, অনিমা শইকীয়া, ধৰণীধৰ মেধি, মণিকা ডেকা, ৰুমী দাস, ২৫০ ছাত্ৰ-ছাত্ৰী, অভিভাৱকে
শৰাই, সম্বৰ্ধনা পত্ৰ, ফুলাম জাপি, পিতলৰ জাপি, ধৰ্ম পুথি, আৰামী চকী, ছাতি প্ৰদান কৰে। কেবাজনো শিক্ষক, শিক্ষয়িত্ৰী, অতিথি শিক্ষকে বেলিৰাম বৰুৱাৰ গুণানুকীৰ্তন কৰে। প্ৰধান শিক্ষক বেলিৰাম বৰুৱাই তেওঁৰ কাৰ্যকালত কাৰ্য্যালয়ৰ কাম নিষ্ঠা, সততাৰে যেনেদৰে নিয়াৰিকৈ কৰিছিল পাঠদানটো সঠিকভাৱে কৰিছিল। দায়িত্ব আৰু কৰ্তব্যৰ প্ৰতি অতি সচেতন, নিয়মানুৱৰ্তিতা, সময়ানুৱৰ্তীতা বজাই ৰখা গুণমুগ্ধসকলে চমু ভাষণত উল্লেখ কৰে। আনহাতে প্ৰধান শিক্ষক বেলিৰাম বৰুৱাক তেওঁৰ বাসগৃহলৈ পশ্চিম টংলা প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ -ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী, অভিভাৱকে শোভাযাত্ৰা কৰি বৰজলাহ এল পি স্কুলৰ পৰা আগবঢ়াই লৈ আহে। ঘৰতো শ্ৰীমন্ত শংকৰদেৱ সংঘ, টংলা প্ৰাথমিক শাখাৰ উদ্যোগত জিলা সভাপতি মাধৱ ৰাভাৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত কৰি বেলিৰাম বৰুৱাৰ গুণানুকীৰ্তন কৰে। টংলা প্ৰাথমিক শাখাৰ সভাপতি সুৰেন ডেকাই আঁত ধৰা সভাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ভেৰগাঁও জিলা শাখাৰ সম্পাদক মাধৱ বৰুৱা, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক খগেন্দ্ৰ চহৰীয়া, শৰণাচাৰ্য মংগল চন্দ্ৰ ৰাভা, প্ৰমুখ্যে ভকত বৈষ্ণৱ, আই মাতৃ, বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী উপস্থিত থাকে। প্ৰধান শিক্ষক বেলিৰাম বৰুৱাই চমু ভাষণত কয় তেওঁৰ প্ৰতি জনোৱা শ্ৰদ্ধা, মৰমৰ বাবে আজীৱন ঋণী হৈ থাকিব।