মস্কো, ৩১ আগষ্ট। ছোভিয়েট ইউনিয়নৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আৰু শীতল যুদ্ধৰ অন্ত পেলোৱা মিখাইল গৰ্বাচেভৰ মঙলবাৰে শেষ নিশ্বাস ত্যাগ কৰে। দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল মিখাইল গৰ্বাচেভ। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯১ বছৰ। ৰাছিয়াৰ সংবাদ সংস্থা স্পুটনিকে চেণ্ট্ৰেল ক্লিনিকেল হাস্পতালৰ এক বিবৃতিৰ উদ্ধৃতিৰে কয় যে দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকাত তেওঁৰ মৃত্যু হয়। 

ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। ক্ৰেমলিনৰ মুখপাত্ৰ দিমিত্ৰী পেস্কোভে কয় যে বুধবাৰে পুৱা গোৰ্বাচেভৰ মৃত্যুক লৈ ৰাষ্ট্ৰপতি পুটিনে শোক প্ৰকাশ কৰিছে। 

মিখাইল গৰ্বাচেভ আছিল ইউনাইটেড ইউনিয়ন অৱ ছোভিয়েট ছ’চিয়েলিষ্ট ৰিপাব্লিকছৰ শেষৰজন নেতা। তেওঁ নাগৰিকক স্বাধীনতা দি গণতান্ত্ৰিক নীতিৰ ৰেখাৰে কমিউনিষ্ট শাসন ব্যৱস্থাৰ সংস্কাৰ কৰিব বিচাৰিছিল। ১৯৮৯ চনত কমিউনিষ্ট পূব ইউৰোপত ছোভিয়েট ইউনিয়নত গণতন্ত্ৰ সমৰ্থক প্ৰতিবাদ তীব্ৰতৰ হৈ পৰাত গৰ্বাচেভে বল প্ৰয়োগৰ পৰা বিৰত থাকে। তেওঁ গ্লাছনষ্টৰ নীতিক স্বীকৃতি দিছিল। গৰ্বাচেভে পেৰেষ্ট্ৰইকা নামৰ অৰ্থনৈতিক সংস্কাৰৰ কাৰ্যসূচীও আৰম্ভ কৰিছিল। তেওঁৰ সময়ত সংবাদ মাধ্যম আৰু শিল্পী সমাজক সাংস্কৃতিক স্বাধীনতা প্ৰদান কৰা হৈছিল। চৰকাৰী যন্ত্ৰৰ ওপৰত দলৰ নিয়ন্ত্ৰণ হ্ৰাস কৰিবলৈ তেওঁ আমূল সংস্কাৰৰ প্ৰৱৰ্তন কৰে। হাজাৰ হাজাৰ ৰাজনৈতিক বন্দী আৰু বিৰোধীক মুকলি কৰি দিয়া হৈছিল। আমেৰিকাৰ সৈতে হোৱা পাৰমাণৱিক নিৰস্ত্ৰকৰণ চুক্তিৰ সফলতাৰ বাবেও তেওঁ পৰিচিত। ৰাষ্ট্ৰপতি পদ এৰি যোৱাৰ পিছত গোৰ্বাচেভে বিশ্বজুৰি বহু বঁটা আৰু সন্মান লাভ কৰিছিল। ১৯৯০ চনত তেওঁ শান্তিৰ নোবেল বঁটাও লাভ কৰিছিল।

১৯৩১ চনৰ ২ মাৰ্চত এটা দৰিদ্ৰ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল গৰ্বাচেভে। ষ্টেলিনৰ শাসনত ডাঙৰ হৈছিল। তেওঁ আইন অধ্যয়ন কৰিছিল। তেওঁ ছোভিয়েট ইউনিয়নৰ শেষৰজন ৰাষ্ট্ৰপতি আছিল (১৯৯০–৯১)। ইয়াৰ পূৰ্বে তেওঁ ১৯৮৫ চনৰ পৰা ১৯৯১ চনলৈকে ছোভিয়েট ইউনিয়নৰ কমিউনিষ্ট পাৰ্টিৰ সাধাৰণ সম্পাদক আছিল। ১৯৮৮ চনৰ পৰা ১৯৮৯ চনলৈকে তেওঁ উচ্চতম ছোভিয়েটৰ প্ৰেচিডিয়ামৰ অধ্যক্ষ আছিল। ১৯৮৮ চনৰ পৰা ১৯৯১ চনলৈ তেওঁ ৰাজ্যৰ দেশপ্ৰধান আছিল। ১৯৮৯ চনৰ পৰা ১৯৯০ চনলৈকে তেওঁ উচ্চতম ছোভিয়েটৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।