পেঙেৰী চাৰিআলিত গণেশ পূজাৰ মণ্ডপত জাতীয় পতাকা ব্যৱহাৰ কৰাক ব্যাপক প্ৰতিক্ৰিয়া অঞ্চলটোত।
তিনিচুকীয়া জিলাৰ পেঙেৰী চাৰিআলিত পেঙৰী পূৰ্বোদয় সংঘই আয়োজন কৰিবলৈ লোৱা গনেশ পূজাৰ মণ্ডৱে সামাজিক মাধ্যমত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে পেঙেৰী চাৰিআলিত আয়োজিত গণেশ পূজাত জাতীয় পতাকাৰ আৰ্হিৰ নিৰ্মাণ কৰা হৈছে পূজা মণ্ডৱ, লগতে গণেশৰ মুৰ্ত্তীত মালা সলনি ব্যৱহাৰ কৰিছে জাতীয় পতাকা।স্বাধীনতাৰ ৭৫ বছৰ অতিক্ৰম কৰা উপলক্ষে পেঙেৰী পূৰ্বোদয় সংঘই আয়োজন কৰা গণেশ পূজাৰ মণ্ডৱ জাতীয় পতাকাৰ আৰ্হিত নিৰ্মান কৰি মণ্ডৱৰ ভিতৰত ভগত সিং, সুবাষ চন্দ্ৰ বসুৰ লগতে কেইবাগৰাকীও বীৰ-বীৰংগনাৰ ফটো সংগ্লন্ন কৰা দেখিবলৈ পোৱা গৈছে । জাতীয় পতাকাৰ আৰ্হিত নিৰ্মিত গণেশ পূজাৰ মণ্ডৱৰ এই দৃশ্য সামাজিক মাধ্যমত বিয়পি পৰাৰ লগে-লগে ৰাইজে বিভিন্ন ধৰণেৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে ।সমগ্ৰ ঘটনাটোৰ ওপৰত তদন্ত কৰি ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ তিনিচুকীয়া জিলা সমিতিয়ে।
 
  
  
   
  
   
   
  