সমগ্ৰ ৰাজ্যৰ লগতে খুমটাইৰ বিভিন্ন প্ৰান্তত গণেশ পূজাক লৈ ব্যাপক উচাহ । খুমটাইৰ শাওঁতলীত তিনিদিনীয়া কাৰ্যসূচীৰে উলহ মালহেৰে পালন কৰিছে গণেশ পূজা। নিশাৰ ভাগতো শাওঁতলীৰ পূজাস্থলীত ভক্ত প্ৰাণ ৰাইজৰ যথেষ্ট ভিৰ পৰিলক্ষিত হৈছে । হাতে হাতে ধূপ-চাকি, নৈবেদ্য লৈ ভক্তৰ সিদ্ধিবিনায়কক পূজা-অৰ্চনা । দেশৰ পৰা অপায় অমঙ্গল দুৰ হোৱাৰ কামনা কৰিছে । আৰতী- নাম কীৰ্তনেৰে সিদ্ধিবিনায়কক পূজা অৰ্চনা ভক্তপ্ৰাণ ৰাইজৰ ৷ পূজাৰীৰ মন্ত্ৰৰ লগে লগে সকলোৱে পুষ্পাঞ্জলি যাছিছে গণেশৰ শ্ৰীচৰনত । নাগাৰা,ঢাকৰ শব্দত মুখৰিত হৈছে চৌদিশ ।