নাজিৰা বৰতলৰ সমীপৰ ৰে'ল লাইনৰ কাষত এজন প্ৰাপ্তঃবয়স্ক লোকৰ সন্দেহজনক আত্মহত্যাক লৈ চাঞ্চল্য, পাৰিবাৰিক অশান্তিৰ বাবেই থানেশ্বৰ গগৈৰ আত্মহত্যা

পৰিয়াল কেন্দ্ৰিক বিবাদেই জীৱনৰ বাবে অমানিশা কঢ়িয়াই আনিলে নেকি বৰতলৰ সমীপৰ ৰে'ল লাইনৰ কাষৰ থানেশ্বৰ গগৈয়ে । কিয় আত্মহত্যা কৰিলে সাধাৰণ শ্ৰেণী এটা পৰিয়ালৰ এজন প্ৰাপ্তঃবয়স্ক লোকে । বহুতৰ মনত অশেষ প্ৰশ্ন । নিজ ঘৰৰ ভিতৰত ডিঙিত চিপজৰি লৈ আত্মহত্যা কৰা লোকজনৰ ৰহস্যজনক মৃত্যুৰ সন্দেহ । স্থানীয় ৰাইজৰ তৎপৰতাত নাজিৰা আৰক্ষীয়ে উদ্ধাৰ কৰে থানেশ্বৰ গগৈৰ মৃতদেহ । আৰক্ষীয়ে উদ্ধাৰ কৰা মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে । পাৰিবাৰিক অশান্তিৰ বাবেই থানেশ্বৰ গগৈয়ে আত্মহত্যা কৰাৰ অভিযোগ তুলিছে ঘটনা প্ৰত্যক্ষদৰ্শী ৰাইজে । ৰহস্যজনক মৃত্যু অথবা পাৰিবাৰিক অশান্তি চলোৱা অভিযুক্তক আৰক্ষীয়ে আইনৰ আওটালৈ আনিব পাৰিবনে ? নে এইদৰে দুধৰ্ষ অপৰাধী মুকলি আকাশৰ তলত মুক্ত মনে ঘূৰি ফুৰিব পাৰিব । সি এতিয়া ৰাইজ তথা সচেতন মহলৰ বাবে এক প্ৰশ্নৰ বিষয় হৈ পৰিছে । অনাগত সময়ত নাজিৰা আৰক্ষীয়ে ঘটনা সন্দৰ্ভত কেনে ধৰণৰ ব্যৱস্থা হাতত লয় । সেয়া লক্ষ্যণীয় হ'ব ।