গুৱাহাটীৰ নাৰেংগীত অসম চিকিৎসা সেৱা নিগম লিমিটেড (এএমএছচিএল)ৰ নৱনিৰ্মিত কাৰ্যালয় ভৱন আজি আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰে ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্তই। অসম চৰকাৰে ৰাজ্যৰ চৰকাৰী চিকিৎসালয়সমূহলৈ সময় মতে আৰু নিয়মীয়াকৈ ঔষধ-পাতিৰ যোগান ধৰিবলৈ প্ৰতিষ্ঠা কৰা ৰাজহুৱা খণ্ডৰ কোম্পানীটোৰ এই নতুন কাৰ্যালয়ৰ উদ্বোধনী অনুষ্ঠানত স্বাস্থ্য বিভাগৰ প্ৰধান সচিব তথা এএমএছচিএলৰ অধ্যক্ষ অবিনাশ যোশী, এএমএছচিএলৰ পৰিচালন সঞ্চালক ডাঃ ৰবীন্দ্ৰ কুমাৰ, ড্ৰাগ প্ৰশাসন আৰু খাদ্য সুৰক্ষা আয়ুক্ত অভিজিত বৰুৱা, চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ অতিৰিক্ত সচিব মানস নাথ, যুটীয়া সচিব জ্যোস্না মেধি পাটগিৰি, ৰাজ্যৰ অতিৰিক্ত চিকিৎসা শিক্ষা সঞ্চালক ৰণবীৰ বৰা, অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতিৰ প্ৰকল্প সঞ্চালিকা পমী বৰুৱা আৰু ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানৰ সঞ্চালক ডাঃ বিভাষ গোস্বামীও উপস্থিত থাকে। চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়কে ধৰি ৰাজ্য চৰকাৰৰ অধীনৰ সকলো চিকিৎসালয়ত বিনামূলীয়া তথা অন্যান্য জৰুৰী ঔষধ-পাতিৰ নিয়মীয়া উপলব্ধতা সুনিশ্চিত কৰিব পৰাকৈ নিগমৰ এই নতুন কাৰ্যালয়ৰ পৰা চৰকাৰী ঔষধ-পাতি প্ৰেৰণ প্ৰক্ৰিয়া পৰিচালিত হ'ব। নিগমৰ নৱনিৰ্মিত কাৰ্যালয় ভৱন উদ্বোধনৰ পাছত সাংবাদিকৰ আগত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই প্ৰকাশ কৰা মতে এএমএছচিএলৰ জৰিয়তে ৰাজ্য চৰকাৰে চৰকাৰী চিকিৎসালয়ত ৰোগীৰ বাবে বিনামূলীয়া ঔষধৰ উপলবদ্ধতা সুনিশ্চিত কৰাৰ উপৰি ৰাজ্যৰ জনসাধাৰণে যাতে বজাৰ মূল্যতকৈ কম দামতে প্ৰয়োজনীয় ঔষধ-পাতি ক্ৰয় কৰিব পাৰে, তাৰ বাবে নিগমৰ অধীনত ফাৰ্মাচী মুকলি কৰাৰ বিষয়েও চিন্তা কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
હિંમતનગર ના કરામતખાન પઠાણ મિસ્ટર ગુજરાત બેસ્ટ કૉન્ફિડન્સ ૨૦૨૨ ટાઈટલ વિજેતા
યુનિક ફેશન લુક ગુજરાત ફેશન શો ૨૦૨૨ ની ગ્રાન્ડ ફીનાલે અમદાવાદ મુકામે યોજાઈ ગયો,જેમાં રાજ્યના ચાર...
গোলাঘাটৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত দুজন
গোলাঘাটৰ এৰেঙাপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা। বাইক আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষত সৃষ্টিত হয় দুৰ্ঘটনাটো।...
মৰাণ কুশল নগৰ নামঘৰৰ উদ্যোগত মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱৰ তিৰোভাৱ তিথি উপলক্ষে অনুষ্ঠিত নাম প্ৰসংগ
মৰাণ কুশল নগৰ নামঘৰৰ উদ্যোগত মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱৰ তিৰোভাৱ তিথি উপলক্ষে অনুষ্ঠিত নাম প্ৰসংগ
Honda Amaze Facelift एक बार फिर लॉन्च से पहले हुई स्पॉट, भारत में 4 दिसंबर को होगी पेश
नई होंडा अमेज को लॉन्च से पहले एक बार फिर से स्पॉट किया गया है। इस दौरान इस सेडान के बाहर और अंदर...