২৮ জুলাইৰ পৰা ইংলেণ্ডৰ বাৰ্মিংহামত অনুষ্ঠিত হোৱা কমনৱেল্থ গেইমছৰ বক্সিঙত অসমৰ শিৱ থাপাই জয়েৰে অভিযান আৰম্ভ কৰিছে।

আজি অনুষ্ঠিত প্ৰথম ৰাউণ্ডৰ মেচত শিৱ থাপাই পাকিস্তানৰ প্ৰতিদ্বন্দ্বী চুলেমান বেলোচক ১০ মিনিটৰ ভিতৰতে অতি সহজে পৰাস্ত কৰি প্ৰি-কোৱাৰ্টাৰত প্ৰৱেশ কৰে।

পুৰুষৰ ৬৩.৫ কিলোগ্ৰাম শাখাত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা থাপাই পাকিস্তানৰ বক্সাৰগৰাকীক কোনো ধৰণৰ সুযোগ প্ৰদান নকৰি ৫-০ ব্যৱধানত জয়ী হয়।

শিৱ থাপাই প্ৰি-কোৱাৰ্টাৰত স্কটলেণ্ডৰ ৰিজ লীনচৰ বিৰুদ্ধে মুখামুখি হ’ব।