গোলাঘাট জিলাৰ নৱনিযুক্ত গাঁও প্ৰধানসকলৰ চিনাকি পৰ্ব সম্পন্ন।কোনো যোগ্য হিতাধিকাৰী যাতে চৰকাৰী সুবিধাৰ পৰা বঞ্চিত নহয়, তাৰ বাবে সজাগ হ'বলৈ গাঁও প্ৰধানসকলৰ প্ৰতি আহ্বান উপায়ুক্তৰ।গোলাঘাট জিলা গাঁও প্ৰধান সমিতিৰ উদ্যোগত আজি গোলাঘাট নগৰৰ এমেচাৰ প্ৰেক্ষাগৃহত নৱনিযুক্ত ৮৫ গৰাকী গাঁও প্ৰধানৰ চিনাকি পৰ্ব আৰু গাঁও প্ৰধানসকলৰ পৰিয়ালৰ কৃতি ছাত্ৰ-ছাত্ৰীসকলৰ এটা সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত অংশ লৈ গোলাঘাট জিলাৰ উপায়ুক্ত ডাঃ পি উদয় প্ৰবীণে নৱনিযুক্ত গাঁও প্ৰধানসকলক অভিনন্দন জ্ঞাপন কৰি তেওঁলোকক নিজৰ দায়িত্ব আৰু কৰ্তব্যসমূহৰ বিষয়ে সজাগ হ'বলৈ আহ্বান জনায়। পৰৱৰ্তী এমাহৰ ভিতৰত নৱনিযুক্ত গাঁও প্ৰধানসকলৰ বাবে প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হ'ব বুলি উল্লেখ কৰি তেওঁ কয় যে এগৰাকী গাঁও প্ৰধান গাঁও এখনৰ মুৰব্বী। তেওঁ কয় যে পি এম কিষাণ, ই-কে ৱাই চি, আয়ুষ্মান কাৰ্ড আৰু জল জীৱন অভিযান আদি চৰকাৰী আঁচনিসমূহ ৰূপায়ণ তথা হিতাধিকাৰী বাচনিৰ ক্ষেত্ৰত গাঁও প্ৰধানসকলৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। অহা ৩ মাহ সময় তেওঁ জিলাখনৰ গাঁওসমূহ পৰিদৰ্শন কৰি ৰাইজৰ অভাৱ-অভিযোগৰ বুজ ল'ব বুলি উল্লেখ কৰি গাঁও প্ৰধানসকলক নিজৰ গাঁওখনৰ সমস্যাসমূহ উলিয়াই তালিকাবদ্ধ কৰি তেওঁক অৱগত কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে দল-সংগঠন নিৰ্বিশেষে প্ৰতিজন যোগ্য হিতাধিকাৰী, অসহায় মহিলা আৰু বিশেষভাৱে সক্ষম লোক যাতে চৰকাৰী সুবিধাৰ পৰা বঞ্চিত নহয়, তাৰ বাবে গাঁও প্ৰধানসকলক সজাগ হ'বলৈ আহ্বান জনায়। উপায়ুক্তগৰাকীয়ে লগতে এই অনুষ্ঠানতে অভিনন্দন জ্ঞাপন কৰা গাঁও প্ৰধানসকলৰ পৰিয়ালৰ কৃতি ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি কয় যে লক্ষ্য সুদৃঢ় হ'ব লাগিব আৰু সৰুৰে পৰাই নিজৰ কেৰিয়াৰৰ প্ৰতি সজাগ হ'ব লাগিব। তেতিয়াহে ছাত্ৰ-ছাত্ৰীসকলে জীৱনত সাফল্য অৰ্জন কৰিব পাৰিব। অনুষ্ঠানত অংশ লৈ অতিৰিক্ত উপায়ুক্ত দামোদৰ বৰ্মনে কয় যে গাঁও প্ৰধানসকল একোখন ৰাজহ গাঁৱত উপায়ুক্তৰ প্ৰতিনিধি। তেওঁলোকে নিজৰ দায়িত্ব আৰু কৰ্তব্য সম্পৰ্কে ভালকৈ জনিলেহে নিজৰ ক্ষমতাৰ সুপ্ৰয়োগ কৰিব পাৰিব। সেয়েহে সম্পূৰ্ণ নিয়মৰ গণ্ডীত থাকি দলীয় মনোভাৱেৰে কাম কৰিবলৈ তেওঁ আহ্বান জনায়। অনুষ্ঠানত সভাপতিত্ব কৰি বিশিষ্ট নিৱন্ধকাৰ চলচ্চিত্ৰ পৰিচালক দীনেশ গগৈয়ে কয় যে গাঁও প্ৰধানসকল হ'ল জিলা প্ৰশাসনৰ চকু, কাণ আৰু নাক। গোলাঘাটৰ গৰিমা আৰু মৰ্যাদা অটুট ৰাখি কাম কৰি যাবলৈ তেওঁ গাঁও প্ৰধানসকলৰ প্ৰতি আহ্বান জনায়। অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক, সাহিত্যিক পেঞ্চনপ্ৰাপক মাখনলাল বাঢ়ৈ, গোলাঘাট গাঁও প্ৰধান সমিতিৰ বিষয়ববীয়াসকল আৰু কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত আছিল।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
बिबट्याचा कुत्र्यावर हल्ला! भाळवणी येथील शेतकऱ्याच्या पाळीव कुत्र्यावरील हल्ल्याची घटना सीसीटीव्हीत कैद!...
बिबट्याचा कुत्र्यावर हल्ला! घटना सीसीटीव्हीत कैद!
Panchayat J&K: Farooq Abdullah के बयान पर भड़के Ravinder Raina | Jammu Kashmir Election 2024
Panchayat J&K: Farooq Abdullah के बयान पर भड़के Ravinder Raina | Jammu Kashmir Election 2024
BMW iX1 electric SUV का टीजर जारी, सिंगल चार्ज पर मिलेगी 438 किमी रेंज
BMW iX1 electric SUV में 64.7 kWh लिथियम-आयन बैटरी का इस्तेमाल किया जाएगा जो 313 बीएचपी की पावर...
अटल सेवा केन्द्र में जिला कलक्टर की अध्यक्षता में जिला स्तरीय जनसुनवाई का हुआ आयोजन 153 परिवाद हुए प्राप्त, जिला कलक्टर ने दिए त्वरित समाधान के निर्देश
बाड़मेर। जिला कलक्टर टीना डाबी की अध्यक्षता में मार्च माह के तीसरे गुरूवार को अटल सेवा केन्द्र में...
नगर -पुणे रस्त्यावर बेकायदेशीर दारु वाहतुक करणाऱ्या दोन जणांना अटक
रांजणगाव गणपती:- कारेगाव येथील यश इन चौकातील गोवा वाईन्स येथून देशी-विदेशी दारुचा साठा घेवुन...