আজি অসমৰ চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ দ্বাৰা ২৫ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মান কৰা নৱ নিৰ্মিত লেবাংকুলা আদৰ্শ অঙ্গনবাড়ী কেন্দ্ৰটি মুকলি কৰে নাহৰকটীয়া সমষ্টিৰ বিধায়ক তৰংগ গগৈয়ে। নৱ নিৰ্মিত এই অঙ্গনবাড়ী কেন্দ্ৰটিয়ে অঞ্চলটিৰ শিশু সকলক শিক্ষাৰ পোহৰেৰে আলোকিত কৰাৰ লগতে শিশুসকলৰ স্বাস্থ্যৰ সুৰক্ষা তথা কুপোষণৰ বিৰুদ্ধে যুঁজ দিয়াত সহায়ক হ'ব বুলি কয়।