বাৰিষাৰ আৰম্ভণিতে সংহাৰী বানে ধুই নিয়া ছিপাঝাৰত এতিয়া খৰাঙে দহিছে কৃষকৰ পথাৰ। খৰাং পৰিস্থিতিৰ পৰা পৰিত্ৰাণ বিছাৰি ছিপাঝাৰ সমষ্টিৰ বিভিন্ন ঠাইত আয়োজন চলিছে ভেকুলীৰ বিয়াৰ। পানীৰ অভাৱত খেতি পথাৰত চিৰাল ফাট মেলাৰ বাবে বৰষুণৰ কামনা কৰি ছিপাঝাৰৰ নায়কপাৰা গাৱঁৰ ৰাইজে সম্পুৰ্ণ ৰিতী নীতি, পৰম্পৰাৰে পাতিলে ভেকুলীৰ বিয়া ৷খৰাং বতৰৰ প্ৰকোপত ছিপাঝাৰৰ নায়কপাৰা গাৱৰ ৰাইজৰ শালি ধানৰ খেতিপথাৰত মেলিছে চিৰালফাট ৷খেতি পথাৰত এটুপি পানীৰ অভাৱত এতিয়া খেতি সমুহ নষ্ট হোৱাৰ উপক্ৰম হৈছে ৷খেতিপথাৰত জলসিঞ্চনৰ কোনো ব্যৱস্থা নথকা গাওঁ খনৰ ৰাইজে অৱশেষত পৰম্পৰা অনুসৰি বৰষুণ বিছাৰি পাতিলে ভেকুলীৰ বিয়া ৷সম্পূৰ্ণ মানুহৰ বিবাহৰ ৰিতী নিতী অনুসৰি পুৰুহিত মাতি হোমৰ গুৰিত বহালে এযোৰ ভেকুলীক ৷আয়তী সকলৰ উৰুলী আৰু বিয়া নামেৰে মুখৰিত হৈ পৰিল বিবাহস্হলী ৷গাওঁবাসী ৰাইজে ছান্দা তুলি চাহ ,তামোল মাহ প্ৰসাদৰো যোগাৰ কৰিলে ৷এই বিশেষ বিয়াখনত অংশগ্ৰহন কৰিলে গাওঁ খনৰ প্ৰায় পাচ শতাধিক ৰাইজে ৷উল্লেখযোগ্য যে ৰাজ্যত জলসিঞ্চন বিভাগ নামেৰে এক বিয়াগোম বিভাগ থকাৰ পিছতো, ছিপাঝাৰত পানীৰ অভাৱত চিৰাল ফাট মেলা খেতিপথাৰত বৰষুন বিছাৰি ভেকুলীৰ বিয়া পাতিবলগীয়া হোৱা কাৰ্যই জলসিঞ্চন বিভাগৰ ফোপোলা স্বৰূপটো উদঙাই দিছে ৷
Join our app to earn points & get the text & video content in your preffered language
 PLease Click Here to Join Now
 Search
 Categories
 - City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
  অসম আৰক্ষীত ব্যাপক সালসলনি৷ কেইবাখনো থানাৰ অ’চিক ৰদবদল৷ 
 
                      অসম আৰক্ষীত ব্যাপক সালসলনি৷ কেইবাখনো থানাৰ অ’চিক ৰদবদল৷
                  
   परियोजना पोकरण-फलसूण्ड-बालोतरा-सिवाना की मुख्य पाइप लाइनो से अवैध रूप से पानी चोरी कर व्यापार करने वालो के विरूद्ध गिड़ा क्षेत्र में कार्यवाही 
 
                      बालोतरा से आज वसूले 4 लाख 86 हजार 210 रुपए
 
बालोतरा, 26 मार्च। बुधवार को परियोजना खण्ड...
                  
   પાલનપુર અને ડીસામાં મગફળીની આવકથી માર્કેટયાર્ડ ઉભરાયું 
 
                      બનાસકાંઠા જિલ્લામાં લાભપાંચમે માર્કેટયાર્ડ શરૂ થયા હતા. જ્યાં પાલનપુર, ડીસા અને ધાનેરા...
                  
   कांग्रेस प्रेस कॉन्फ्रेंस कांग्रेस पार्टी के महासचिव के सी वेणुगोपाल चुनाव  लड़ रहे हैं और जीतेंगे 
 
                      कांग्रेस प्रेस कॉन्फ्रेंस कांग्रेस पार्टी के महासचिव के सी वेणुगोपाल चुनाव लड़ रहे हैं और जीतेंगे
                  
   
  
  
   
  