বাৰিষাৰ আৰম্ভণিতে সংহাৰী বানে ধুই নিয়া ছিপাঝাৰত এতিয়া খৰাঙে দহিছে কৃষকৰ পথাৰ। খৰাং পৰিস্থিতিৰ পৰা পৰিত্ৰাণ বিছাৰি ছিপাঝাৰ সমষ্টিৰ বিভিন্ন ঠাইত আয়োজন চলিছে ভেকুলীৰ বিয়াৰ। পানীৰ অভাৱত খেতি পথাৰত চিৰাল ফাট মেলাৰ বাবে বৰষুণৰ কামনা কৰি ছিপাঝাৰৰ নায়কপাৰা গাৱঁৰ ৰাইজে সম্পুৰ্ণ ৰিতী নীতি, পৰম্পৰাৰে পাতিলে ভেকুলীৰ বিয়া ৷খৰাং বতৰৰ প্ৰকোপত ছিপাঝাৰৰ নায়কপাৰা গাৱৰ ৰাইজৰ শালি ধানৰ খেতিপথাৰত মেলিছে চিৰালফাট ৷খেতি পথাৰত এটুপি পানীৰ অভাৱত এতিয়া খেতি সমুহ নষ্ট হোৱাৰ উপক্ৰম হৈছে ৷খেতিপথাৰত জলসিঞ্চনৰ কোনো ব্যৱস্থা নথকা গাওঁ খনৰ ৰাইজে অৱশেষত পৰম্পৰা অনুসৰি বৰষুণ বিছাৰি পাতিলে ভেকুলীৰ বিয়া ৷সম্পূৰ্ণ মানুহৰ বিবাহৰ ৰিতী নিতী অনুসৰি পুৰুহিত মাতি হোমৰ গুৰিত বহালে এযোৰ ভেকুলীক ৷আয়তী সকলৰ উৰুলী আৰু বিয়া নামেৰে মুখৰিত হৈ পৰিল বিবাহস্হলী ৷গাওঁবাসী ৰাইজে ছান্দা তুলি চাহ ,তামোল মাহ প্ৰসাদৰো যোগাৰ কৰিলে ৷এই বিশেষ বিয়াখনত অংশগ্ৰহন কৰিলে গাওঁ খনৰ প্ৰায় পাচ শতাধিক ৰাইজে ৷উল্লেখযোগ্য যে ৰাজ্যত জলসিঞ্চন বিভাগ নামেৰে এক বিয়াগোম বিভাগ থকাৰ পিছতো, ছিপাঝাৰত পানীৰ অভাৱত চিৰাল ফাট মেলা খেতিপথাৰত বৰষুন বিছাৰি ভেকুলীৰ বিয়া পাতিবলগীয়া হোৱা কাৰ্যই জলসিঞ্চন বিভাগৰ ফোপোলা স্বৰূপটো উদঙাই দিছে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
પાલીતાણા સાંજણાસર ગામના લોકો દ્વારા આવેદનપત્ર આપવામાં આવ્યું
પાલીતાણા સાંજણાસર ગામના લોકો દ્વારા આવેદનપત્ર આપવામાં આવ્યું
Parliament Security Breach: Rajasthan से मिले आरोपियों के जले हुए Mobile Phone | Lalit Jha | Crime
Parliament Security Breach: Rajasthan से मिले आरोपियों के जले हुए Mobile Phone | Lalit Jha | Crime
संजय राऊतांसमोर वर्षा राऊत, अशी चौकशी झाली? Sanjay Raut and Varsha Raut questioned by ED
संजय राऊतांसमोर वर्षा राऊत, अशी चौकशी झाली? Sanjay Raut and Varsha Raut questioned by ED
किसान शिक्षण प्रसारक मंडळाच्या नवनिर्वाचित कार्यकारी संचालकांचा विद्यावर्धिनी हायस्कूल येथे सत्कार
किसान शिक्षण प्रसारक मंडळाच्या नवनिर्वाचित कार्यकारी संचालकांचा विद्यावर्धिनी हायस्कूल येथे सत्कार