মাজুলীৰ অন্যতম উচ্চ শিক্ষানুষ্ঠান উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক জয়চন্দ্ৰ দলেয়ে আজি কৰ্মজীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰাত মহাবিদ্যালয়খনৰ তৰফৰ পৰা বিদায় সম্বৰ্ধনা জনোৱা হয় । মহাবিদ্যালয়খনৰ অৰ্থনীতি বিভাগৰ সহকাৰী অধ্যাপক ডঃ উপেন বৰাই উদ্বোধন কৰা বিদায় সম্বৰ্ধনা সভখনত সভাপতিত্ব কৰে অধ্যক্ষ ড০ জাহ্নৱী লহকৰ বৰুৱাই । সভাৰ আৰম্ভণিতে অৱসৰী ভাৰপ্ৰাপ্ত অধ্যক্ষ গৰাকীক শিক্ষক গোট, ছাত্র একতা সভাই সভাগৃহলৈ আদৰণি জনাই আনে । মহাবিদ্যালয় শিক্ষক গোট আৰু ছাত্ৰ একতা সভাই পৃথকে পৃথকে গামোচা, চেলেং, সম্বৰ্ধনা পত্ৰ, গ্ৰন্থৰ টোপোলা, শৰাই আদিৰে সম্বৰ্ধনা জ্ঞাপন কৰে ।ইয়াৰোপৰি মহাবিদ্যালয়ৰ বিভিন্ন বিভাগৰ তৰফৰ পৰাও ভাৰপ্ৰাপ্ত অধ্যক্ষ গৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰে। উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অৱসৰপ্ৰাপ্ত অধ্যাপক দীলিপ কুমাৰ ফুকন, গনেশ হাজৰিকা, মনিকান্ত মিলি, তোলেন চুতীয়া, মিচিং ছাত্ৰ সংগঠনকে আদি কৰি ভালেসংখ্যক দল-সংগঠন, প্ৰাক্তন ছাত্ৰই অৱসৰী অধ্যাপক গৰাকীক সম্বৰ্ধনা জনাই । অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি তথা অৱসৰপ্ৰাপ্ত অধ্যক্ষ ফনীধৰ টাহুৱে বক্তব্য আগবঢ়াই । উজনি মাজুলীৰ জনজাতি অধ্যুষিত অঞ্চলটিত ১৯৭৩ চনতে প্ৰতিষ্ঠা কৰা মহাবিদ্যালয়খনত নিজকে নিয়োজিত কৰি সুদীৰ্ঘ কাল শিক্ষকতা জীৱনৰ তিতা-মিঠা অভিজ্ঞতা সোঁৱৰণ কৰি বিদায়ী অধ্যাপক গৰাকী আবেগিক হৈ পৰে ।
Join our app to earn points & get the text & video content in your preffered language
 PLease Click Here to Join Now
 Search
 Categories
 - City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
  Jammu Kashmir के युवाओं ने Terrorism से निपटने के लिए Village Defence Guard शुरू करने की मांग की 
 
                      Jammu Kashmir के युवाओं ने Terrorism से निपटने के लिए Village Defence Guard शुरू करने की मांग की
                  
   दिग्विजय सिंह बोले स्कूल में जीजस ओर मोहम्मद के विचार पढ़ाने चाहिए! 
 
                      मध्यप्रदेश के स्कूल कॉलेजों में अब भगवान राम और कृष्ण के पाठ भी पढ़ाए जाएंगे। मध्यप्रदेश के...
                  
   રાજસ્થાન ની માવલ ચેકપોસ્ટ પરથી સવા બે કરોડના સોના સાથે બે શખ્સો ઝડપાયા.. 
 
                      રાજસ્થાન ની માવલ ચેકપોસ્ટ પરથી સવા બે કરોડના સોના સાથે બે શખ્સો ઝડપાયા..
બનાસકાંઠા ની અમીરગઢ...
                  
   સુરત જિલ્લામાં “સશક્ત અને સુપોષિત કિશોરી-અભિયાન
૩૧મી ડિસેમ્બરે બારડોલી,ચાર્યાસી, ૨જી જાન્યુઆરીએ કામરેજ,માંગરોળ, ૩જી જાન્યુઆરીએ માંડવી,ઓલપાડ, ૫મી જાન્યુઆરીએ મહુવા ખાતે તાલુકા કક્ષાનો મેળા યોજાશે 
 
                       
 
સુરતઃશુક્રવારઃ સુરત જિલ્લા પંચાયત અને મહિલા બાળવિકાસ વિભાગ દ્વારા “કિશોરી...
                  
   ડેરોલ ગામે જુગાર રમતા છ ઈસમોને કાલોલ પોલીસે મુદ્દામાલ સાથે ઝડપી પાડ્યા  
 
                      કાલોલના ડેરોલ ગામે ખુલ્લામાં જુગાર રમતા છ જુગારીઓને કાલોલ પોલીસે રેડ કરીને પકડી પાડ્યા
કાલોલ...
                  
   
  
  
   
  
  