দৰং আৰু কামৰূপ সীমান্তৰ ছিপাঝাৰৰ ৰাজহচক্ৰৰ অন্তৰ্গত গনেশকুঁৱৰী গংগাজানীস্থিত শ্ৰীশ্ৰীপেটুৱা ঘুলি গনেশ দেৱালয়প্ৰাঙ্গনত আজিগনেশ চতুৰ্থী পালন কৰা হয় । 

গংগাজানী শ্ৰীশ্ৰী পেটুৱা ঘুলি গনেশ দেৱালয়ৰ সভাপতি জগত চন্দ্ৰ নাথ সম্পাদক প্ৰণৱজ্যোতি নাথে জনোৱা অনুসৰি নাগাৰা নামৰ শিল্পী কৈলাশ ৰাজবংশী আৰু সমাজকৰ্মী পৰেশ দাসক সম্বৰ্ধনা জনাই।

যুৱ সমাজকৰ্মী অজয় নাথে আঁত ধৰা অনুষ্ঠানত গনেশকুঁৱৰী, মালাৰা আৰু কুঁৱৰী জানৰ ভক্তপ্ৰাণ ৰাইজ উপস্থিত থাকে ।

অপায়-অমংগল আঁতৰ হৈ সকলোৰে মংগল আৰু সুখ-সমৃদ্ধি আশা কৰে উদ্যোক্তা সকলে ।