শিৱসাগৰত কীৰ্তন ঘোষাৰ আৰ্হি সন্নিবিষ্ট গ্ৰন্থৰ পুনৰ প্ৰকাশ উন্মোচন

*শিৱসাগৰত কীৰ্তন ঘোষাৰ আৰ্হি সন্নিবিষ্ট গ্ৰন্থৰ পুনৰ প্ৰকাশ উন্মোচন* শ্ৰী শ্ৰী বৰখাতপাৰ সত্ৰৰ সত্ৰাধিকাৰ লীলাকান্ত মহন্তৰ সম্পাদনাত কীৰ্তন ঘোষাৰ আৰ্হি সন্নিবিষ্ট গ্ৰন্থৰ পুনৰ প্ৰকাশ উন্মোচন কৰা হয় | শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱ বিৰচিত কীৰ্তন ঘোষা আৰু নামঘোষাৰ উপলক্ষ এই সম্পাদনা গ্ৰন্থত সন্নিবিষ্ট কৰা হৈছে। আজি শিৱসাগৰ নগৰৰ শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিশিষ্ট সাহিত্যিক-শিক্ষাবিদ-সমাজকৰ্মী খগেন্দ্ৰনাথ ভূঞাই এই সন্নিবিষ্ট গ্ৰন্থ উন্মোচন কৰে | অসমীয়া সমাজ জীৱনৰ অংশ কীৰ্তন ঘোষা আৰু নামঘোষাৰ পদ-ঘোষাসমূহ ব্যৱহাৰিক জীৱনৰ আধ্যাত্মিক দিশত প্ৰয়োগ আৰু উপলক্ষ অনুসৰি গাব লগা ধৰণে সন্নিবিষ্ট কৰা হৈছে। তুলসী শেনচোৱাই বন্তি প্ৰজ্বলন কৰা উক্ত উন্মোচনী অনুষ্ঠানত সম্পাদক লীলাকান্ত মহন্ত, লক্ষ্মীকান্ত মহন্ত, ড০ নিৰুপমা মহন্ত আদিকে ধৰি বহু গণ্যমান্য ব্যক্তি এই অনুষ্ঠানত উপস্থিত থাকাৰ লগতে গ্ৰন্থ সম্পাদক লীলাকান্ত মহন্তৰ সুযোগ্য পুত্ৰ অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত, অসম চৰকাৰৰ শিক্ষা উপদেষ্টা ননীগোপাল মহন্ত আদিও উপস্থিত থাকে | Bite- ড০ সৌমাৰজ্যোতি মহন্ত