অৱশেষত সন্ধান ওলাল সামাজিক মাধ্যমত ভাইৰেল হোৱা তামিলনাডুৰ এটা মন্দিৰত মাউতে নিৰ্মোমভাবে অত্যাচাৰ চলোৱা জয়মালা নামৰ হাতীজনীৰ অসমৰ আচল গৰাকী ।। তিতাবৰ নগাবাটৰ অৰ্ণপূৰ্ণ গাঁৱৰ নিৰ্বাসি মোহন চুতীয়া নামৰ লোকজনে ২০০৮চনত কোনো চুক্তি নোহোৱাকৈ প্ৰায় ২লাখ টকাত এটা মন্দিৰলৈ বুলি বহিঃৰাজ্যৰ কেইজনমান লোকৰ হাতত তুলি দিছিল জয়মালাক ।। হাতীজনী বিক্ৰী কৰা সময়ৰ কোনো নথি পত্ৰই ৰখা নাছিল মোহন চুতীয়াই ।। হাতীজনী পোহপাল দিব নোৱাৰাত মন্দিৰলৈ হাতীজনী দিলে সুখত থাকিব বুলিয়ে দিছিল বুলি মন্তব্য প্ৰকাশ জয়মালাৰ একালৰ গৰাকী মোহন চুতীয়াৰ ।। হাতীজনীক কৰা অত্যাচাৰৰ ভিডিঅ' দেখি আবেগিক মোহন চুতীয়া, হাতযোৰ কৰি চৰকাৰক অনুৰোধ জয়মালাক ঘূৰাই আনি তাইৰ চিকিৎসাৰ ব্যৱস্থা কৰক ।।