ঢকুৱাখনা সদৰ থানাৰ ড্ৰাগছ বিৰোধী অভিযানত হাতে লুটেআটক কৰা দুই ড্ৰাগছ সৰবৰাহ কাৰী মঙ্গলবাৰে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়।

সোমবাৰে সন্ধিয়া ঢকুৱাখনা সদৰ চাৰীয়ালীত সদৰ থানা ভাৰপ্ৰাপ্ত বিষয়া নাৱজ্যোতি ৰয়,উপ পৰিদৰ্শ দীনেশ মেধী, সিদ্ধাৰ্থ নাথৰ নেতৃত্বত চলা অভিযান কালত ৰামপুৰ শিমলুগুৰি গাঁৱৰ অজিত চুতীয়া ওৰফে নগা আৰু মহঘুলি চাপৰিৰ বিপুল দাস ওৰফে চিপকলি নামৰ দুটা ড্ৰাগছ সৰবৰাহকাৰী আটক কৰিছিল।

এই সন্দৰ্ভত ঢকুৱাখনা সদৰ থানাৰ উপ পৰিদশক সিদ্ধাৰ্থ নাথৰ এজাহাৰৰ ভিত্তিত এটা গোচৰ (নং ১৩৫/২০২২) এন ডি পি এছ আইনৰ ২১/(এ)২৯ ধাৰাত পঞ্জীয়ন কৰিছে।তদন্ত কাৰী আৰক্ষী বিষয়া দীনেশ মেধীযে দুয়োটা সৰবৰাহকাৰীক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে।

ঢকুৱাখনা আৰক্ষীৰ ড্ৰাগছ বিৰোধী কঠোৰ প্ৰদক্ষেপক শলাগ লৈছে অভিভাৱক আৰু নাগৰিক সমাজে।