চিচিবৰগাও মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ নৱাগত আদৰণি সভা

চিচিবৰগাও মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগত আজি নৱাগত আদৰণি সভাখনি অনুষ্ঠিত হৈ যায় । ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক কোষেশ্বৰ বৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনিৰ আঁত ধৰে বিভাগৰ সহকাৰী অধ্যাপক ৰাজেশ পাইটে । ৰাজনীতি বিজ্ঞান সংস্হাৰ সম্পাদক তথা ছাত্র ৰাজেন গগৈয়ে উদ্দেশ্য ব্যাখ্যা কৰা এই সভাত উপস্থিত থাকি মহাবিদ্যালয়ৰ উপাধ্যক্ষ দিতুল লাহন, দৰ্শন বিভাগৰ মুৰব্বী অধ্যাপক নৱ কুমাৰ শ ইকীয়া, অসমীয়া বিভাগৰ অধ্যাপক নয়নমনি মহন্ত, অৰ্থনীতি বিজ্ঞান বিভাগৰ অধ্যাপিকা তৰুলতা ভূঞা আদিয়ে ছাত্র-ছাত্ৰী সকলক উদ্যেশি বহুমূলীয়া বক্তব্য ৰাখে । এটা গছ পুলি ৰোপনেৰে কায্যসূচী আৰম্ভ কৰা সভাখনত বন্তি প্ৰজ্বলন কৰে উপাধ্যক্ষ দিতুল লাহনে । ছাত্র-ছাত্ৰী সকলৰ গীতে মাতে জীপাল কৰি তোলা এই সভাখনিত ইফালে উপস্থিত থাকে অৰ্থনীতি বিজ্ঞান বিভাগৰ অধ্যাপক পুলিন গগৈ, যুগান্ত শ ইকীয়া, ৰাজনীতি বিজ্ঞান বিভাগৰ হেমন্ত কুমাৰ ভূঞা আদিয়ে । কেইবাজনো ছাত্র-ছাত্ৰী য়ে মনৰ অনুভৱ ব্যক্ত কৰা এই সভাখনিৰ শলাগৰ শৰাই আগবঢ়াই ছাত্ৰী পূৰবী দেউৰীয়ে।