মথুৰাপুৰত উলহমালহেৰে গণেশ পূজা পালন
আজি গনেশ চতুৰ্থী। সমগ্ৰ দেশতে উলহ মালহেৰে উদযাপন কৰা হৈছে পৱিত্ৰ গনেশ চতুৰ্থী। সমান্তৰালভাৱে চৰাইদেউ জিলাৰ মথুৰাপুৰ বিভিন্ন স্থানত পালিত হৈছে গনেশ চতুৰ্থী ৷ এই উপলক্ষে অঞ্চলটোৰ গনেশ মন্দিৰ লগতে পূজা মণ্ডপ সমূহত উলহ-মালহৰ পৰিৱেশে বিৰাজ কৰিছে ৷ইফালে প্ৰতি বছৰৰ দৰে এইবাৰো মথুৰাপুৰ চাহ বাগিচাৰ স্থায়ী পূজা মণ্ড
স্থানীয় যুৱ সমাজৰ উদ্যোগত পৰম্পৰাগত ভাৱে দুদিনীয়া কাৰ্যসূচীৰে এই পূজা অনুষ্ঠিত কৰিছে ৷ পুৱা বিভিন্ন স্থানৰ পৰা ভক্তৰ উপস্থিতি ধৰ্মীয় ৰীতি-নীতি মাজৰে পালিত হৈ সিদ্ধিদাতা গণেশৰ পূজা-অৰ্চনা ৷আনহাতে মথুৰাপুৰ লাচিতনগৰত থকা গনেশ মন্দিৰতো ভক্তসকলে ধূপ চাকি নৈবদ্য আগবঢ়াই গনেশ চতুৰ্থীৰ পালন কৰা পৰিলক্ষিত হয়।