মঙ্গলবাৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত জনতা ভৱনত অনুষ্ঠিত হোৱা অসম কেবিনেট বৈঠকত আগন্তুক বর্ষৰ পিতৃ-মাতৃৰ বন্দনা কার্যসূচীৰ বাবে বিশেষ নৈমিত্তিক ছুটীৰ সিদ্ধান্ত লোৱা হৈছে। ৰাজ্যিক কৰ্মচাৰীসকলে ৯, ১০ আৰু ১১ ফেব্ৰুৱাৰী ‘২০২৩ত বিশেষ নৈমিত্তিক ছুটীৰ লগতে ১২ ফেব্ৰুৱাৰী দেওবাৰে বন্ধৰ দিন লাভ কৰিব।এই বন্ধৰ সময়খিনিত কৰ্মচাৰীসকলে নিজৰ জীৱিত পিতৃ-মাতৃ অথবা শহুৰ-শাহুৰ সৈতে সময় অতিবাহিত কৰিব পাৰিব।
ইয়াৰ বাহিৰেও অসম কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়। তাৰে ভিতৰত চৰকাৰী পলিটেকনিক প্রতিষ্ঠান আৰু আই টি আইসমূহক উৎকর্ষ কেন্দ্ৰ হিচাপে উন্নীতকৰণ। ২৭ খন জিলাৰ ৩৯ খন আই টি আই আৰু ১৯ খন জিলাৰ ২২খন পলিটেকনিক প্ৰতিষ্ঠানত ৩০৭.২২ কোটি ব্যয়েৰে কাৰখানা আৰু প্ৰযুক্তি পৰীক্ষাগাৰ নিৰ্মাণ।
১২ ছেপ্টেম্বৰ ২০২২ৰ পৰা অনুষ্ঠিত হ’বলগীয়া পৰৱৰ্তী বিধানসভা অধিবেশনত অসম বাতিল বিধেয়ক, ২০২২ দাখিলৰ জৰিয়তে বাতিল হ’ব ২৭খন অচল আইন।
অসম ভূমি আৰু ৰাজহ নিয়ন্ত্রণ, ১৮৮৬ ভূদান আৰু গ্ৰামদান ভূমিত অবিৰত বেদখল প্ৰতিৰোধ কৰিবলৈ সংশোধন। ইয়াত অন্তৰ্ভুক্ত থাকিব – চৰকাৰলৈ অসম ৰাজ্যিক ভূদান গ্ৰামদান ব’ৰ্ডৰ নিয়ন্ত্রণাধীন ন্যস্ত ভূমি, অনুদানদাতাসকলক অধিকাৰ প্ৰদান, অসম গ্ৰামদান আইন, ১৯৬১ আৰু অসম ভূদান আইন, ১৯৬৫ বাতিল।
শেহতীয়া বার্মিংহাম কমনৱেলথ গেমছত স্বর্ণপদক প্রাপক নয়নমণি শইকীয়াক অসম আৰক্ষীৰ উপ-আৰক্ষী অধীক্ষক হিচাপে অসম সংহত ক্রীড়া নীতি ২০১৭-১৮ (সংশোধনী মৰ্মে)ৰ অধীনত নিযুক্তি দিয়াৰ উপৰিও ফৰেষ্ট কামাণ্ডেন্ট সন্মানেৰে সন্মানিত কৰাৰ লগতে ৫০ লাখ টকা আগবঢ়াব ৰাজ্য চৰকাৰে। ৩ ছেপ্টেম্বৰ তাৰিখ ‘অভিৰুচি ক্ৰীড়া দিৱস’ৰ দিনা এই উপহাৰ প্ৰদান কৰিব। তেখেতৰ কৃতিত্বক স্বীকৃতিৰ লগতে যুৱ সমাজক ক্রীড়াক কেৰিয়াৰ হিচাপে লোৱাত উৎসাহিত কৰাৰ হেতু এই পদক্ষেপ।
২৪-২৬ ছেপ্টেম্বৰ ২০২২ত মুখ্যমন্ত্ৰীৰ সভাপতিত্বত অনুষ্ঠিত হ’ব চিন্তন শিবিৰ। এই শিবিৰত কেবিনেট মন্ত্রী, প্রায় ৫৭টা বিভাগৰ জ্যেষ্ঠ সচিবসকলে অংশগ্রহণ কৰিব।ই বিভিন্ন অমীমাংসিত বিষয়ত আলোচনা আৰু সমস্যাবোৰৰ মোকাবিলা কৰাত ভৱিষ্যৎ পৰিকল্পনা প্রস্তুত কৰিব।
অসম শিক্ষাৰ্থী আৰু যুৱ কল্যাণৰ ৰাজ্যিক পৰ্যায়ৰ পৰামর্শদাতা সমিতি (SLAC)ক সঠিক কার্যকৰী ৰূপৰেখা আৰু পৰিকাঠামো প্ৰদানৰ বাবে পঞ্জীভুক্ত ছ’চাইটীলৈ ৰূপান্তৰ কৰাৰ সিদ্ধান্ত লোৱা হয় কেবিনেট বৈঠকত।