দুগৰাকীকৈ মুক্তিযুঁজাৰুক মন্ত্ৰী যোগেন মহনৰ সম্বৰ্দ্ধনা।
মুক্তিযুঁজাৰুসকলৰ অৱদানৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰি আজি মুক্তিযুঁজাৰু শ্ৰীযুত নোমল বৰগোহাঁই আৰু শ্ৰীযুত মূহি ৰাজকোঁৱৰক ভাৰতবৰ্ষৰ স্বাধীনতাৰ লাভৰ ৭৫ উপলক্ষে মন্ত্ৰী যোগেন মহনে আন্তৰিক অভিনন্দন সহকাৰে কৃতজ্ঞতা তথা সম্বৰ্ধনা জনাই । মুক্তিযুঁজাৰুসকলৰ বীৰত্ব, ত্যাগ আৰু দেশ প্ৰেম সদায় প্ৰেৰণা স্বৰূপ। তেখেতলোকৰ বাসগৃহত উপস্থিত হৈ অসমীয়া শিপিনীয়ে তাঁতত বোৱা ত্ৰিৰংগা পতাকা উপহাৰ হিচাপে প্ৰদান কৰে।