জয়ামালা নামৰ এজনী হাতীক তামিলনাডুৰ বিৰোধনগৰ স্থিত শ্ৰীভল্লীপুথুৰ এণ্ডেল মন্দিৰত কৰা অত্যাচাৰে এতিয়া জোকাৰণি সৃষ্টি কৰিছে ৷ তিনিচুকীয়া জিলাৰ কাকপথাৰৰ কাঁচিজান গাঁৱৰ পৰা ২০০৮ চনৰ ১৮ ছেপ্টেম্বৰত মন্দিৰৰ কামৰ বাবে লৈ যোৱা হাতীজনীৰ এই অৱস্থা দেখি এতিয়া শোকত ভাগি পৰিছে জয়ামালাৰ গৰাকী।